গুৱাহাটী,১০ ফেব্ৰুৱাৰীঃ বিহু নাচক বিশ্ব দৰবাৰত সন্মান জনক স্থানত উপবিষ্ট কৰোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত তথা ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত একেলগে ১০হেজাৰ বিহুৱা-বিহুৱতীৰ দ্বাৰা বিহুনাচ পৰিৱেশনৰ জৰিয়তে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই সন্দৰ্ভত আজি সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বড়াই জনতা ভৱন এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মন্ত্রী বিমল বড়াৰ লগতে স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব বি ছামাল, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কৰ আয়ুক্ত ৰাকেশ আগৰৱাল, পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, ক্ৰীড়া আৰু যুবকল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীকে ধৰি ভালেসংখ্যক বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভাখনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ বিহুনাচৰ অন্তর্ভুক্তিৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়। এই আয়োজনৰ বাবে সংস্কৃতিক মন্ত্রী বিমল বড়া, পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুকলৈ চাৰিজনীয়া মন্ত্রী গোট গঠন কৰি দিয়া হৈছে। তদুপৰি বিমলা গগৈ, সোমনাথ বড়া ওজা, অনিল শইকীয়া, প্ৰসন্ন গগৈ, মাধুৰীমা চৌধুৰী, প্ৰবীণ কুমাৰ শইকীয়া, জয়ন্ত সোণোৱাল, স্মৃতি ৰেখা শইকীয়া, মহেন্দ্র চুতীয়া, প্ৰদীপজ্যোতি নেওগ, ৰঞ্জিত গগৈ আৰু সুদৰ্শন ঠাকুৰকলৈ এখনি বিশেষজ্ঞ সমিতিও গঠন কৰি দিয়া হৈছে। প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকি প্ৰত্যক্ষ কৰিব লগা অভিলেখ সৃষ্টিকাৰী এই বিহুনাচ যাতে সঠিক ৰূপত উপস্থাপন কৰিব পৰা যায় সেই বিষয়ে বিশদভাৱে সভাত আলোচনা কৰা হয়। ১৪ এপ্ৰিলত অভিলেখৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্থাপন হ’ব লগা বিহুনাচৰ বাবে ১০ হেজাৰ বিহুৱা আৰু বিহুৱতীক ৰাজ্যৰ বিভিন্ন স্থানত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ বাবে জিলা পৰ্যায়ত ১ মাৰ্চৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে প্ৰশিক্ষক সকলক ২০, ২১ আৰু ২২ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ দিয়া হব। সাত হেজাৰ নাচনী আৰু তিনি হেজাৰ বিহুৱাই অংশ গ্ৰহণ কৰিব লগা এই বিহুনাচ ১৫ মিনিটৰ বাবে পৰিৱেশন কৰা হ’ব। বিহুৱা আৰু বিহুৱতীয়ে পৰম্পৰাগত ভাৱে পৰিৱেশন কৰিবলগীয়া নাচ তথা পৰিধান কৰিব লগা সাজ পাৰৰ পৰা আৰম্ভ কৰি বাদ্য, অলংকাৰ আদিৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়। সভাত দৃশ্য শ্ৰব্য মাধ্যম যোগে প্ৰদৰ্শন কৰিব লগা বিহুনাচৰ এক নমুনাও প্ৰদৰ্শন কৰা হয়।










