তামুলপুৰ, ১০ ফেব্ৰুৱাৰীঃসদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত তামুলপুৰ জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সৰ্বাত্মক কৰ্মবিৰতি পালনৰ লগতে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যলয়ৰ সন্মুখত আজি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে। তামুলপুৰ জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই আজি এন পি এছ আঁচনিৰ সলনি ও পি এচ আঁচনি বাহাল ৰখাৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি আৰু ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি হাতে হাতে প্লে কাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহন কৰে। তেওঁলোকে চৰকাৰী কৰ্মচাৰী সকলৰ অৱসৰী জীৱনৰ সুৰক্ষা বিচাৰি পুৰণি পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত আজি তামুলপুৰ জিলা সমিতিৰ চৰকাৰী এন পি এছ আঁচনিৰ অন্তৰ্ভুক্ত শতাধিক কৰ্মচাৰীয়ে সৰ্বাত্মক কৰ্মবিৰতি আৰু ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছতে তামুলপুৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তামুলপুৰ জিলা সমিতিৰ সভাপতি কবান চন্দ্ৰ বড়ো সম্পাদক লৱধৰ কলিতা প্ৰমুখ্যে বিভিন্ন বিভাগৰ শিক্ষক কৰ্মচাৰী সকল উপস্থিত থাকে ৷