ধিং, ১০ ফেব্ৰুৱাৰীঃনগাওঁ জিলাৰ ধিং সমষ্টিৰ কান্ধুলিমাৰী গাঁও পঞ্চায়ত ৰ প্ৰাক্তন সভাপতি আব্দুল মজিদৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তটোৰ এলেকাধীন ১ নং কান্ধুলিমাৰীৰ নতুন বজাৰৰ ব্যৱসায়ী আৰু একাংশ ৰাইজে। প্ৰাক্তন সভাপতি আব্দুল মজিদে দীর্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোৰ চৰ -চাপৰিত মেল মৰাৰ নামত ধন লোৱা,যুঁজৰ নামত জুৱা খেল চলোৱা, চৰৰ মাটি ক্ৰয় বিক্ৰয় নামত দালালি কৰাৰ উপৰিও অঞ্চলটোত চলাই আহিছে দালাল ৰাজ । ভেৰুণীয়া গুণ্ডা বাহিনীৰে অঞ্চলটোৰ ২৩০ নং গেজিঙ ৰিজাৰ্ভৰ ১৭ বিঘা মাটিৰ একাংশ ভূমি দখল কৰাৰ লগতে অঞ্চলটোৰ মাটি জে চি বি ৰে খনন কৰি বিক্ৰী কৰাৰ কথাও আজি একাংশ ৰাইজে প্ৰকাশ কৰিছে সাংবাদিকৰ আগত।ইয়াৰ উপৰিও চতুৰ আব্দুল মজিদে বজাৰৰ ভেটিৰ নামত নিজে ধন লৈ প্ৰাক্তন সভাপতি আলিম উদ্দিনে ধন লোৱা বুলি সামাজিক মাধ্যমত মিছা বাতৰি প্ৰকাশ কৰি আহিছে বুলি একাংশ ৰাইজে সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰে।










