হাটশিঙীমাৰী, ১৪ ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত অসম মেঘালয় সীমান্তবৰ্তী বান্দৰপানীৰ কৃষ্ণ বৰশীল নামৰ এজন ৫৫ বছৰেকীয়া ব্যক্তি নিজ গৃহত চীপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চল জুৰি চাঞ্চল্য বিৰাজ কৰিছে৷দীৰ্ঘদিনৰ পৰাই লোকজন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল যদিও কোনো সুফল নোপোৱাত তেওঁ আত্মহত্যাৰ কৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে৷ কৃষ্ণ বৰশীলৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ আত্মহত্যা কৰে। দৰিদ্ৰ কৃষ্ণ বৰশীলে দুৰাৰোগ্যত আক্ৰান্ত হৈ আছিল যদিও নিজৰ সামৰ্থ অনুযায়ী চিকিৎসা গ্ৰহণ কৰাৰ মাজতেই আজি আত্মহত্যা কৰে। ঘটনাস্থলীত কালাপানী আৰক্ষী আৰু মানকাচৰৰ চক্ৰ বিষয়া জ্ঞান জ্যোতি দত্তই উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ আজি মৃত্যুদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।