গোসাইগাঁও,১৮ ফেব্ৰুৱাৰীঃ গোসাইগাঁৱৰ জ্যোষ্ঠ অধিবক্তাক দুৰ্বৃত্তৰ আক্ৰমণ। নিজ গৃহত সোমাই প্ৰাণে হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ দলৰ। ভুক্তভোগী গোসাইগাঁও উকীল সন্থাৰ জ্যোষ্ঠ অধিবক্তা তথা গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত পদ্মবিলৰ নিবাসী আব্দুছ ছামাদ আহমেদ। ঘটনাৰ লগে লগে অধিবক্তাগৰাকী গোঁসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত ৰোগীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। উল্লেখ যে গোসাইগাঁও ন্যায়িক দন্ডাধীশ আদালতত অধিবক্তাগৰাকীয়ে নিয়মীয়াকৈ নিজৰ কাম শেষ কৰি বজাৰৰ পৰা বিয়লি প্ৰায় ৬ মান বজাত নিজ গৃহত প্ৰৱেশ কৰা মাত্ৰই দুজন অচিনাকী দুৰ্বৃত্তই অধিবক্তা ছামাদৰ মুখমণ্ডলত এছিড নিক্ষেপ কৰি পলায়ন কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজমূলক পৰিবেশৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।