ৰঙিয়া,১৮ ফেব্ৰুৱাৰীঃ ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যহত ৰখাৰ সময়তে ৰঙিয়াত আজি পুণৰ এক সফল অভিযান কৰে। ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে এক গোপন খবৰৰ ভিত্তিত মনিপুৰৰ পৰা দিল্লী অভিমুখে গৈ থকা এখন বলেৰো বাহনত ৰঙিয়া চেপ্তিত তালাচী চলায়। তালাচীৰ সময়ত আৰক্ষীয়ে বলেৰো বাহনখনৰ তেলৰ টেংকিৰ পৰা ৬৭ টা ড্ৰাগছ ভৰ্ত্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে। লগে লগে আৰক্ষীয়ে AS 01 BS 5209 নম্বৰৰ বলেৰো বাহনখনৰ লগতে বাহনখন চলাই অহা মনিপুৰৰ সেনাপতি জিলাৰ ৰং বেনজামিং নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰে। ঘটনাৰ পিচতে ৰঙিয়াত উপস্থিত হয় কামৰূপ জিলাৰ উপ আৰক্ষী অধিক্ষক আচিফ আহমেদ। সংবাদ মাধ্যমক আৰক্ষীৰ উপ অধিক্ষক গৰাকীয়ে জানিবলৈ দিয়ামতে ড্ৰাগছখিনি মনিপুৰৰ পৰা দিল্লী অভিমুখে লৈ গৈ থকা সময়তে এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত গাড়ীখন আহি থকা বুলি জানিব পাৰে। বিষয়টোৰ সন্দৰ্ভত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ক অৱগত কৰাৰ পিচতে তাৎক্ষণিক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। সেইমতে ৰঙিয়া চেপ্তিত বলেৰো বাহনখন ৰখাই তালাচী চলোৱা হৈছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত ব্যক্তিজনক সোধপোচ অব্যহত ৰাখিছে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য পাঁচ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
