গুৱাহাটী,১৯ ফেব্ৰুৱাৰীঃ অসমৰ ৰাজ্যপাল হিচাপে অধ্যাপক জগদীশ মুখীয়ে নিজ কার্যকাল শেষ কৰি সহধর্মিণী প্ৰেম মুখীৰ সৈতে অসমৰ পৰা আজি বিদায় লয়। আজি লোকপ্রিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হৈ সপত্নীক জগদীশ মুখীক জনোৱা হয় বিদায় সম্ভাষণ। ৰাজ্যপাল হিচাপে অধ্যাপক জগদীশ মুখীয়ে নিজ কার্যকাল শেষ কৰি সহধর্মিণী প্ৰেম মুখীৰ সৈতে জীৱনৰ পৰৱৰ্তী যাত্ৰাৰ হেতু অসমৰ পৰা বিদায় লয়। আজি লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক বিদায়ী অভিবাদন জ্ঞাপন কৰে। বিমান বন্দৰত সপত্নীক জগদীশ মুখীক বিদায় সম্ভাষণ জনোৱাৰ সময়ত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰীকা, ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, ইউ জি ব্ৰহ্ম, বিমল বড়া, অশোক সিংহল, সাংসদ কুইন ওজা আৰু পৱিত্ৰ মাৰ্ঘেৰিটা, মেয়ৰ মৃগেন শৰণীয়া, শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমিৎ সিঙকে ধৰি ৰাজ্যৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উক্ত সময়চোৱাত উপস্থিত আছিল।










