বৰপেটা,২০ ফেব্ৰুৱাৰীঃ আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিব। এই দাবী বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। লোকসভা প্ৰবাস যোজনাৰ অধীনত বিজেপিৰ অসম প্ৰদেশৰ আজি বৰপেটা জিলাৰ হাউলীৰ গেষ্ট হাউচত অনুষ্ঠিত এখন বিশেষ সভাৰ অন্তত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত এই দাবী কৰে। বৰপেটা, কলিয়াবৰ আৰু নগাঁও লোকসভা সমষ্টিটো আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি সভাপতি কলিতাই দাবী কৰে। অসম চৰকাৰৰ বিকাশ আৰু উন্নয়নৰ বাবে সকলো জাতি-গোষ্ঠীৰ লোকে বিজেপি দলক ভোট দিব বুলি কলিতাই উল্লেখ কৰে। বাল্য-বিবাহৰ ক্ষেত্ৰত চৰকাৰে যি অভিযান চলাইছে তাক সকলো জাতি-গোষ্ঠীৰ দল, সংগঠনে আদৰণি জনাইছে। এই লৈ আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে বুলি কলিতাই কয়। ইয়াৰ লগতে অসমত উচ্ছেদ অভিযান চলি থাকিব বুলি মতপোষণ কৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে এই সমস্যাটো সমাধান নকৰি মানুহখিনিক বিপদৰ মুখত ঠেলি দি আহিছে বুলি সভাপতি কলিতাই অভিযোগ উত্থাপন কৰে। বিজেপিৰ অসম প্ৰদেশৰ বিশেষ সভাখনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিজেপি দলৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাস, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ শৰ্মা, অসম ৰাজ্যিক পৰিৱহণ নিগমৰ অধ্যক্ষ অশোক ভট্ট ৰায় আৰু বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসৰ উপৰি ভালেসংখ্যক বিজেপি দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।










