নিউজ ডেক্স,২৩ ফেব্ৰুৱাৰীঃ গ্ৰেপ্তাৰ হ’লেও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই এঘণ্টাৰ ভিতৰতে লাভ কৰিলে উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন জামিন। অসমৰ ডিমা হাচাওত ৰুজু হোৱা এটা গোচৰত বৃহস্পতিবাৰে দিল্লী বিমানবন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ দিল্লীৰ পৰা ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়‍া কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনত অংশ গ্ৰহণ কৰিবলৈ ৰাওনা হৈছিল। সেই সময়তে বিমানৰ পৰা নমাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়। প্ৰধানমন্ত্ৰী সন্দৰ্ভত কৰা অপমানজনক মন্তব্যৰ বাবেই তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আৰু সেই গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে গ্ৰেপ্তাৰৰ এঘণ্টা মান পিছতেই উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে। উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতাগৰাকীৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।