হাটশিঙীমাৰী,২৩ ফেব্ৰুৱাৰীঃ মেঘালয়ত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি যোৱানিশা মহেন্দ্ৰগঞ্জ এম ডি চিৰ পুত্ৰ মানিক মিয়াৰ নেতৃত্বত এন পি পিৰ দলীয় কৰ্মীৰ এটা দলে বলপূৰ্বক ভাবে নন্দীৰ চৰ গাওঁৰ হালিম মিঞাক AS 01 EG 7494 নম্বৰৰ বলে’ৰ বাহন এখনত বলপূৰ্বক উঠাই নিৰ্মম প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। মহেন্দ্ৰগঞ্জৰ পেট্ৰল পাম্পৰ কাষৰ ফাৰ্ম হাউচৰ পিছফালে নি লোকজনক দলবদ্ধভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে। মহেন্দ্ৰগঞ্জৰ এম ডি চি আক্তাৰ মিয়াই ঘটনাস্থলীত উপস্থিত হৈ বিজেপি কৰ্মী হালিম মিয়াক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে। এম ডি চিৰ পুত্ৰ মানিক মিয়াৰ নেতৃত্বত আৰিফ ৰব্বানী, ফকিৰ শ্বেখ, আলম মিয়া, দিলৱাৰ হুছাইন আৰু নিলচান্দ দাই নামৰ এন পি পিৰ দলীয় কৰ্মীয়ে আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন কৰি মহেন্দ্ৰগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। ইতিমধ্যে মেঘালয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনহাতে হালিম মিয়াক উন্নত চিকিৎসাৰ বাবে তুৰালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে কৰে।










