শিৱসাগৰ,২৮ ফেব্ৰুৱাৰীঃ এম ভি গংগা বিলাস জাহাজখনে বিদেশী পৰ্যটকৰ দলটোকলৈ আজি উপস্থিত হয় ঐতিহাসিক শিৱসাগৰত। চুইজাৰলেণ্ড আৰু জাৰ্মানীৰ মুঠ ২৮ জনীয়া এই বিদেশী পৰ্যটকৰ দলটো সোমবাৰে যোৰহাট জিলাৰ নিমাটি ঘাটৰ পৰা প্ৰায় ৩ মান বজাত আহি উপস্থিত হয়হি ঐতিহাসিক তলাতল ঘৰত। পৰ্যটকৰ দলটোৱে তলাতল ঘৰৰ আৰ্হি, নক্সা আৰু কাৰুকাৰ্যৰ বিষয়ে বুজ লয়। ইয়াৰ পিছতে পৰ্যটকৰ দলটোৱে ঐতিহাসিক ৰংঘৰত উপস্থিত হয় আৰু জিলা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা হুঁচৰি অনুষ্ঠান উপভোগ কৰে। তাৰ পিছতে পৰ্যটকৰ দলটো শিৱদৌল অভিমুখে ৰাওনা হয় আৰু শিৱদৌলৰ আৰ্হি, নক্সা আদি বিভিন্ন দিশ সমূহৰ বিষয়ে তথ্য আহৰণ কৰে। সন্ধিয়াৰ ভাগলৈ পৰ্যটকৰ দলটোৱে দিখৌমুখত উপস্থিত হয় আৰু দিখৌমুখ অঞ্চলৰ স্থানীয় কলা-কৃষ্টি, সংস্কৃতি আদি উপভোগ কৰে। শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্তদ্বয় বিতোপন নেওগ আৰু সব্যসাচী কাশ্যপ সহিতে জিলা প্ৰশাসনৰ বিষয়-ববীয়াই পৰ্যটকৰ দলটোক তলাতল ঘৰত আদৰণি তথা সাদৰ সম্ভাষণ জ্ঞাপন কৰে।










