মৰিগাঁও,২৮ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চাইবাৰ অপৰাধী বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে। জিলাখনৰ মৈৰাবাৰী, লাহৰিঘাট, বৰবৰী, চহৰীয়া গাঁও আদিৰ লগতে ভিন্ন প্ৰান্তলৈ গৈছে আৰক্ষীৰ দল। মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছে এই অভিযান। মৰিগাঁও জিলাত দ্ৰুতগতিত বৃদ্ধি পোৱা চাইবাৰ অপৰাধীৰ বাবেই এই অভিযান মৰিগাঁও আৰক্ষীৰ। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লেংৰীবড়ী গাঁৱ পঞ্চায়তৰ চহৰীয়া পাম চাৰিআলিৰ পৰা দুজনক আটক কৰিছে আৰক্ষীয়ে। চাইবাৰ ক্ৰাইমৰ লগত জড়িত দুজনক আটক কৰে মৰিগাঁও জিলাৰ ক্ৰাইম শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। ধৃত চাইবাৰ অপৰাধী দুজন হৈছে আবু নছৰ আৰু মফিজুল ইছলাম। দুয়োজনৰ পৰা প্ৰায় ২০০ টা চিম কাৰ্ডৰ লগতে বহুকেইটা মোবাইল ফোন আৰক্ষীয়ে জব্দ কৰে। বৰ্তমান দুয়োকে আটক কৰি মৈৰাবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।