গুৱাহাটী,২ মাৰ্চঃ নতুন শিক্ষা নীতিৰে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ নতুন শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ’ব পৰীক্ষা। নতুন শিক্ষা নীতিৰ আধাৰত বহু কেইটা পৰিৱৰ্তনো অনা হৈছে। চাৰিটাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। ৪টা বিষয়ত দুখনকৈ হ’ব উত্তৰ বহী। পৰিৱৰ্তন অনা বিষয় কেইটা হৈছে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান। বস্তুনিষ্ঠ আৰু বৰ্ণনাত্মক হ’ব প্রশ্নকাকত। বাকী বিষয়ত কোনো পৰিৱৰ্তন অনা নাই। নতুন শিক্ষানীতি অনুসৰি ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতৰ সমান্তৰালভাৱে পৃথক হ’ব উত্তৰবহী। এইবাৰ প্ৰশ্ন কাকতত বস্তুনিষ্ঠ প্ৰশ্ন থাকিব ৫০ শতাংশ। আনহাতে বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ। উল্লেখ্য যে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব  ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী। শুকুৰবাৰলৈ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। অসমৰ মুঠ ৯১২টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। আনহাতে ঘোষণা কৰা হোৱা নাই যদিও পৰীক্ষা শেষ হোৱাৰ দুমাহৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল। ইফালে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। সেইদৰে প্ৰতিটো কেন্দ্ৰত প্ৰশাসনে কেন্দ্ৰত জাৰি কৰিছে ১৪৪ ধাৰা। তদুপৰি প্ৰতিটো কেন্দ্ৰত থাকিব চিচি টিভি কেমেৰা।