নিউজ ডেক্স,৫ মাৰ্চঃ গুৱাহাটীত বাহৰ পাতি মহাৰাষ্ট্ৰৰ চৰকাৰ সলনিৰ ৰণকৌশল প্ৰস্তুত কৰা বিধায়কসকলৰ মাজত আছিল প্ৰহাৰ জনশক্তি পাৰ্টীৰ বিধায়ক বাচু কাডু। গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত অসমীয়া আতিথ্য লাভ কৰি যোৱা এই গৰাকী বিধায়কে মহাৰাষ্ট্ৰ বিধানসভাত আগবঢ়ালে অসমৰ বাবে এক অপমানজনক মন্তব্য। অসমৰ লোকে হেনো কুকুৰ ভক্ষণ কৰে আৰু মহাৰাষ্ট্ৰৰ পথৰ কুকুৰৰ সমস্যা দূৰ কৰিবলৈ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব পাৰে বুলি তেওঁ বিধানসভাত মন্তব্য আগবঢ়াই। উল্লেখ্য যে মহাৰাষ্ট্ৰত তথা বিশেষকৈ মুম্বাইত মালিকবিহীন পথৰ কুকুৰ সমূহৰ উপদ্ৰৱ পুৰণি।বসততেই তেনে কুকুৰৰ আক্ৰমণৰ বলি হয় নাগৰিকসকল। কেৱল এয়াই নহয় বৰং মুম্বাই পৌৰ নিগমেও বছৰি যথেষ্ট সময় আৰু টকা ব্যয় কৰিব লগীয়া হয় এই পদপথৰ কুকুৰৰ বাবে। যাৰ বাবে মহাৰাষ্ট্ৰৰ বিধানসভাত উত্থাপিত হৈছিল এই বিষয়টো আৰু তাৰ পাছতেই বাচু কাডুৰ এই বিতৰ্কিত মন্তব্য। উল্লেখ যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক অপমাণিত কৰা ঘটনা এইয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বেও অসমৰ অতিথিপৰায়ণতা আৰু আঞ্চলিক দলসমূহৰ দুৰ্বল স্থিতিৰ বাবে অসমক বহু লোকে ৰাষ্ট্ৰীয় পৰ্যায়ত অপমানিত কৰিছে। যাৰ বাবে লজ্জানত হ’ব লগীয়া হৈছিল অসম। কিন্তু অসমত বহু দিন থাকি যোৱাৰ পিছতো মহাৰাষ্ট্ৰৰ বিধায়কজনে অসম সম্পৰ্কে এনে অপমানজনক মন্তব্য কৰাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।










