গুৱাহাটী,৬ মাৰ্চঃ দীপৰ বিল সংৰক্ষণৰ দাবীত পুনৰ সৰৱ হৈ পৰে দীপৰ বিল সুৰক্ষা মঞ্চ। দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰা, মৰা ভৰলু, বশিষ্ঠ আৰু বাহিনী নদীয়ে কঢ়িওৱা প্ৰদূষিত পানী আৰু আৱৰ্জনা পেলোৱা বন্ধ কৰা, দ্বৈত ৰে’লপথ নিৰ্মাণৰ উত্তম ব্যৱস্থা গ্ৰহণ কৰা আৰু ২০০২ চনত ৪০০০ হেক্টৰ এলেকা সামৰি দীপৰ বিলক ঘোষণা কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতি ৰামছাৰ ক্ষেত্ৰ সীমাৰ জোখ-মাখ কৰি ৰামছাৰ ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে দীপৰ বিল সুৰক্ষা মঞ্চই। গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে সংবাদমেল সম্বোধন কৰি দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই কয় যে তথাকথিত উন্নয়নৰ দোহাই দি বিলখনক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে। দ্বৈত ৰে’লপথ নিৰ্মাণ কৰিবলৈ গৈ দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । আনহাতে ২০০২ চনত ৰামছাৰ ক্ষেত্ৰ হিচাপে দীপৰ বিলক ঘোষণা কৰা হয় যদিও কিন্তু আজিলৈকে এই এলেকাৰ সীমা নিৰ্ধাৰণ কৰা নহ’ল । তদুপৰি পশ্চিম বৰাগাঁৱত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে প্ৰদূষিত কৰিছে দীপৰ বিলৰ মাটি, বায়ু আৰু পানী । মৰা ভৰলু, বশিষ্ঠ আৰু বাহিনী নদীয়ে কঢ়িওৱা প্ৰদূষিত পানী আৰু আৱৰ্জনা পেলাই বিলুপ্ত কৰা হ’ল বহু জলজ উদ্ভিদ, মাছকে ধৰি বহু প্ৰজাতিৰ প্ৰাণী । পূৰ্বৰ তুলনাত বৰ্তমান দীপৰ বিলত পক্ষীৰ সংখ্যা কমি আহিছে। তদুপৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰা বুলিও মন্তব্য কৰে দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই । আনহাতে, ডাম্পিং গ্ৰাউণ্ডক লৈও সন্তুষ্ট নহয় দীপৰ বিল সুৰক্ষা মঞ্চ । ইফালে জাবৰ নিষ্কাশনৰ প্ৰক্ৰিয়া বিকেন্দ্ৰীকৰণ কৰিবলৈও সংবাদমেলযোগে তেওঁ দাবী জনায় ।










