কলিয়াবৰ,৬ মাৰ্চঃ নগাঁও আৰক্ষীয়ে কলিয়াবৰৰ জখলাবন্ধাত অভিযান চলাই উদ্ধাৰ কৰিছে ১৮ কেজি ড্ৰাগছ। নাগালেণ্ডৰ পৰা এখন হোণ্ডা চিটি গাড়ীত অনা হৈছিল ড্ৰাগছখিনি। নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু জখলাবন্ধা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত জব্দ হৈছে ড্ৰাগছখিনি। আৰক্ষীয়ে আটক কৰে হোণ্ডা চিটি বাহনখনৰ পৰা দুজন ব্যক্তিক। আটকাধীন ব্যক্তি দুজন গুৱাহাটীৰ বশিষ্ঠৰ ক্ৰমে ৰঞ্জিত শ্বাহ আৰু তেওঁৰ পুত্ৰ আদিত্য কুমাৰ শ্বাহ। পশ্চিমবংগৰ পঞ্জীয়ণ কৃত বাহনখনত সৰবৰাহ কৰা ড্ৰাগছখিনিৰ মূল্য চোৰাং বজাৰত ২০ কোটিৰো অধিক হ’ব বুলি আৰক্ষীয়ে সদৰি কৰিছে। নগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিশা জখলাবন্ধাত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।