গুৱাহাটী,২ এপ্ৰিলঃ অসমৰ ভূমিত ভৰি দিয়ে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিলে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দি কেজৰিৱালে কয় যে অসমৰ মানুহে এনেকৈ ধমক নিদিয়ে। অসমৰ মানুহৰ পৰা সংস্কৃতি শিকক হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত আয়োজন কৰা বিশাল জনসমাৱেশ সম্বোধন কৰাৰ বাবে আজি দিনৰ ভাগত গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত পাঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মান সিঙৰ সৈতে উপস্থিত হয় আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। বিমানবন্দৰত আপৰ দুয়োগৰাকী শীৰ্ষ নেতাক আপৰ ৰাজ্যিক নেতৃত্বই উষ্ম আদৰণি জনায়। বিমান বন্দৰত উপস্থিত হৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেজৰিৱালে। তেওঁ কয় যে অসমৰ ৰাইজে সকলো দলকে সুবিধা দিলে যদিও কোনো পৰিৱৰ্তন নাহিল। সকলো দলেই অসমৰ ৰাইজৰ ওপৰত লুণ্ঠন চলালে। ২০১৬ চনৰ পৰা বিগত সাত বছৰ ধৰি অসমত বিজেপিৰ শাসন চলি আছে। ২০১৫ চনত দিল্লীত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হয়। দুয়োখন চৰকাৰ প্ৰায় একে সময় ধৰি শাসনত আছে। বিগত সময়ত দিল্লী বিকাশৰ পথত বহুদূৰ আগুৱাই গ’ল যদিও অসমৰ ক্ষেত্রত কোনো বিকাশ নহ’ল বুলি তেওঁ কয়। তেওঁ লগতে কয় যে এতিয়া অসমৰ ৰাইজেও ইয়াত আম আদমী পাৰ্টীৰ চৰকাৰ অহাটো বিচাৰিছে। আপে যতে সুবিধা পাইছে তাতেই কাম কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত সুবিধা পালে অসমতো ভাল কাম কৰিম। তেওঁ লগতে কয় যে তেওঁ অহাৰ পূৰ্বে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেওঁক জেলত ভৰাই দিয়াৰ ভাবুকি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত তেওঁ কয় যে অসমৰ মানুহ বহুত ভাল। অসমৰ মানুহে অতিথিক আদৰণি জনায়। এইদৰে ভাবুকি প্ৰদান নকৰে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কৃতি শিকিব লাগে। তেওঁ লগতে কয়-‘ মই তেওঁক দিল্লীলৈ নিয়ন্ত্ৰণ জনাইছো। তেওঁ মোৰ অতিথি হওক, মোৰ ঘৰত চাহ-ভাত খাবলৈ আহক। মই তেওঁক দিল্লীৰ ভ্ৰমণ কৰাম। এজন মুখ্যমন্ত্রীক এনেদৰে ৰাজহুৱাকৈ ধমকি দিয়াটো শোভা নাপায়।’