লখিমপুৰ, ৩ এপ্ৰিল ; নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্থা এন এইচ পি চিয়ে চলিত বৰ্ষৰ জুন মাহৰ পৰা প্ৰকল্পটোৰ পৰা বিদ্যুৎ উৎপাদনৰ লক্ষ্য বান্ধি লৈছিল যদিও এন এইচ পি চিৰ এই লক্ষ্যত সফল হোৱাৰ সম্ভাৱনা তেনেই ক্ষীন ৷ কিয়নো ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ ভয়ংকৰ ভূমিস্খলন আৰম্ভ হৈছে ৷ কালি দেওবাৰে মাজনিশাৰ পৰা আজি পুৱাৰভাগলৈ প্ৰকল্পটোৰ মূল বান্ধৰ কাষৰ সোঁপাৰৰ পাহাৰত ব্যাপক হাৰত  ভূমিস্খলনৰ সংঘটিত হৈ থকাৰ লগতে সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে মূল বান্ধত প্ৰবল হেঁচাৰ সৃষ্টি কৰিছে  ৷ উল্লেখ্য যে বিগত বৰ্ষৰ বাৰিষাকালৰ শেষ মাহত প্ৰবল বৰষুণ, ভূমিস্খলন আৰু সোৱণশিৰি নদীৰ খহনীয়াত এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ব্যাপক হাৰত ক্ষতি কৰিছিল।  এইবাৰ বাৰিষাৰ আৰম্ভণিতে বৰষুণ, ভূমিস্খলন আৰু সোৱণশিৰি নদীৰ ৰুদ্ৰৰূপে প্ৰকল্পটো নিৰ্মাণত প্ৰবল বাধাৰ সৃষ্টি কৰাত এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰী আৰু অভিযন্তা সকলৰ নিদ্ৰা হৰণ কৰিছে ৷ অতি সম্প্ৰতি সমগ্ৰ উত্তৰ অসম আৰু অৰুণাচল প্ৰদেশৰ আদী পাহাৰত চেগাচুৰুকাকৈ বৰষুণ দি থকাৰ লগতে মাজে মাজে শিলাবৃষ্টিও হৈ আছে ৷ ফলত সোৱণশিৰি নদীৰ পানী ক্ৰমান্বয়ে বাঢ়ি আহিছে ৷  পূৰ্বৰ তুলনাত কালি দেওবাৰে বৰষুণৰ পৰিমাণ  অলপ বেছি আছিল ৷ উক্ত বৰষুণৰ ফলতে দেওবাৰে মাজনিশাৰ পৰা প্ৰকল্পটোৰ মূল বান্ধৰ সোঁপাৰে ব্যাপক হাৰত ভূমিস্খলন হ’বলৈ ধৰে ৷  এই ভূমিস্খলনৰ ঘটনা আজি ৰাতিপুৱালৈকে অধিক ভয়ংকৰ ৰূপ ল’বলৈ আৰম্ভ কৰে আৰু আজি দুপৰীয়াভাগলৈ  হুৰাহুৰে পাহাৰ  খহিয়ে থাকে ৷  পাহাৰ খহাৰ বিকট শব্দই শ্ৰমিক সকলক আতংকিত কৰি তোলে আৰু বহু শ্ৰমিকে আজি  প্ৰকল্পটোত কাম নকৰি অহা বাটে উভতি যায় ৷  পাহাৰৰ ওপৰৰ পৰা খহি যোৱা বোকা আৰু বালিয়ে সোৱণশিৰি নদীৰ পানীত খুন্দা খাই বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি সমগ্ৰ মূল  প্ৰকল্প নিৰ্মাণস্থলী ধুঁৱলী-কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিছে ৷  এই বাতৰি লিখা পৰলৈকে ভূমিস্খলনৰ ঘটনা কম-বেছি পৰিমাণে হৈয়ে আছে ৷  বিগত বৰ্ষত বাৰিষাকালত ভূমিস্খলন তথা সোৱণশিৰি নদীৰ প্ৰবল খহনীয়াৰ ফলত প্ৰকল্পটোৰ ব্যাপক ক্ষতি হোৱাৰ সমান্তৰালভাৱে এখন পাহাৰৰ এফাল চূড়া সোৱণশিৰি নদীৰ বুকুত চিৰকালৰভাৱে বিলীন হৈ গৈছিল ৷ এইবাৰ বাৰিষাকালৰ আৰম্ভণিতে সোৱণশিৰি নদীয়ে ৰুদ্ৰৰূপ লোৱাত  যিকোনো মূহুৰ্ততে এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা প্ৰকল্পটোলৈ নমাই আনিব পাৰে  অনাকাংক্ষিত তথা চূড়ান্ত বিপৰ্যয় ৷