নিউজ ডেক্সঃঅসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২ এপ্ৰিলত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক লাচিত বৰফুকনে ঔৰংজেবক কোনো আতিথ্য প্ৰদান নকৰা বুলি উল্লেখ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘হয়, আমি অসমত আতিথ্য প্ৰদান কৰোঁ। আমি অতিথিক ঈশ্বৰ বুলি গণ্য কৰোঁ। কিন্তু যেতিয়া মোগল সম্ৰাট ঔৰংজেব ইয়ালৈ আহিছিল, তেতিয়া লাচিত বৰফুকনে তেওঁক কোনো আতিথ্য প্ৰদান কৰা নাছিল। গতিকে যেতিয়া কেজৰিৱাল কেৱল মিছা কথা ক’বলৈ ইয়ালৈ আহিছিল তেতিয়া আমি তেওঁক আলহী বুলি কিয় গণ্য কৰিম? তেওঁ ইয়ালৈ আহিছিল, আমি তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিলোঁ। কিন্তু মই যেতিয়া তালৈ যাওঁ তেতিয়া তেওঁ একেখিনি যোগান ধৰেনে?”স্বাস্থ্য আৰু শিক্ষা বিভাগত মাত্ৰ ১.৫ লাখ কৰ্মচাৰী আৰু অন্যান্য বিভাগত ৫০ হাজাৰ কৰ্মচাৰী থকাৰ পিছতো তেওঁৰ চৰকাৰে দিল্লীত ১২ লাখ লোকক চাকৰিৰ ব্যৱস্থা কৰা বুলি কৈছে । কেজৰিৱালৰ এই দাবীক লৈ প্ৰশ্ন উত্থাপন কৰি শৰ্মাই দিল্লী চৰকাৰী বিষয়াৰ সৈতে নিশ্চিত কৰিছে যে চৰকাৰত মাত্ৰ ১.৫ লাখ পদ আছে। আন ১০.৫ লাখ কৰ্মচাৰী আৰু পদ ক’ত আছে সেই কথাও বুজাবলৈ কেজৰিৱালক প্ৰত্যাহ্বান জনায়।শৰ্মাই লগতে আঙুলিয়াই দিয়ে যে কেজৰিৱালে দিল্লীত বিনামূলীয়া বিদ্যুৎ দিয়া বুলি দাবী কৰাৰ বিপৰীতে অসমৰ অৰুণোদয় আঁচনিয়ে ৫০ লাখ টকা প্ৰদান কৰিছিল। ১৪০০ টকা মানুহক দিয়াৰ বিপৰীতে দিল্লীবাসীয়ে লাভ কৰে মাত্ৰ বিদ্যুতৰ সুবিধাত ৩০০ টকা।কেজৰিৱালে অসমত এক লাখ চাকৰি প্ৰদান কৰিব বুলি উল্লেখ কৰি পঞ্জাৱত চাকৰি দিয়াৰ দাবীৰ ওপৰতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যুত্তৰ দিয়ে। শেহতীয়াকৈ পঞ্জাৱত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়ত প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ আঁৰত কথাতো অভিযোগ উত্থাপন কৰে শৰ্মাই।










