তিনিচুকীয়া, ০৪ এপ্ৰিলঃসমগ্ৰ তিনিচুকীয়া জিলাখনতে মাছ মৰা ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে।অসম চৰকাৰৰ মীন নীতি ১৯৫৩, (সংশোধিত ২০০৫) ফিচাৰী আইন আৰু বিধিৰ ২৩ ধাৰা অনুসৰি মাছ মৰা ক্ষেত্ৰত কিছু জিলা প্ৰশাসনে এই নিষেধাজ্ঞা আৰোপ কৰিছে । সেই মৰ্ম্মে ৭/১৪ ছে. মিটাৰ কৈ সৰু ঘৰৰ বৰজাল, মহাজাল, ফাঁচীজাল বা কোনো ধৰণৰ জাল মৰা বা মাছ ধৰা কাৰ্য্য মাছৰ প্ৰজনন কালৰ সময় ১ এপ্ৰিল, ২০২৩ পৰা ১৫ জুলাই, ২০২৩ লৈকে নিষিদ্ধ কৰা হৈছে। মছৰি জালৰ ঘৰৰ আকাৰ ১.২ ছে.মি কম হলে গোটেই বছৰ ধৰি নিষিদ্ধ কৰা হৈছে। ফিচাৰী আইন আৰু বিধিৰ ২৩ (এ) ধাৰা অনুসৰি মাছৰ প্ৰজননৰ সময়ত (কণী আৰু পোণা ধাৰণ কৰা ) মাছ যেনে ৰৌ, বাহু, মিৰিকা, মালি, চিতল, খৰিয়া পিঠিয়া, ঘৰিয়া আৰু কুঢ়ি মাছ ধৰা ও বিক্ৰী কৰাৰ ক্ষেত্ৰত ১মে,২০২৩ পৰা ১৫ জুলাই, ২০২৩ লৈ নিষিদ্ধ কৰা হৈছে। কোনো পদ্ধতিয়ে ও কোনো উদ্দেশ্যে বা নিজে খাৱৰ বাবে ও বিক্রী বাবে ২৩ ছে.মি.ৰ কম দৈৰ্ঘ্যৰ ৰৌ, বাহু, মিৰিকা চিতল, খৰিয়া,পিঠিয়া,ঘৰিয়া আদি আৰু ১০ ছে.মি.ৰ কম দৈৰ্ঘ্যৰ মালি কুঢ়ি, ভাঙোন আদি মাছ ধৰাৰ ক্ষেত্ৰত ১ আগষ্ট,২০২৩ পৰা ৩১ অক্টোবৰৰ, ২০২৩ লৈ নিষিদ্ধ কৰা হৈছে।এই নিষেধাজ্ঞা ভংগ কৰিলে অসম মীন আইনৰ ২২ নং আৰু ৪১ নং ধাৰা অনুসৰি আইন উলংঘাকাৰীক জৰিমনা বিহা হব পাৰে আৰু ব্যৱহাৰ হোৱা জাল,অন্যান্য মাছ ধৰা সঁজুলি আদি বাজেয়াপ্ত কৰা হব। ভাৰতীয় মীন আইন ১৮৯৭ ধাৰা ৭(১) মীন আইন ১৯৫৩ চনৰ ২৭ নং ধাৰা অনুসৰি উক্ত আইন ভঙ্গকাৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও বিহিত শাস্তি প্ৰদানো কৰা হব বুলি নিৰ্দ্দেশনাটোত উল্লেখ আছে।