ৰঙিয়া,৬ এপ্ৰিলঃ ৰঙিয়া আৰক্ষীয়ে আজি এক অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বালাগাঁৱৰ পৰা ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৰঙিয়া আৰক্ষীয়ে আজি বিয়লি চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা যুৱকজন হৈছে বালাগাঁৱৰ আচিক ইলাহী। ধৃত যুৱক জনৰ পৰা আৰক্ষীয়ে ৮৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে। উল্লেখ্য যে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়া আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই ড্ৰাগছ নিৰ্মূলৰ প্ৰচেষ্টা অব্যহত ৰাখিছে। ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া বালাগাঁৱৰ লগতে ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈ শতাধিক ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এনেদৰে অভিযান অব্যাহত ৰখাৰ সময়তে একাংশ ব্যক্তিয়ে আৰক্ষীকো কেৰেপ নকৰি এনেদৰে ড্ৰাগছ ব্যৱসায় অব্যাহত ৰখা বিষয়টোয়ে সকলোকে চিন্তিত কৰি তুলিছে।