ইউক্ৰেইন যুদ্ধৰ সময়ত ৰাছিয়াই ভাৰতক কম মূল্যত খাৰুৱা তেল বিক্ৰী কৰিছিল। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতীয় কোম্পানীসমূহে তেল ইউৰোপলৈ ৰপ্তানি কৰি বিপুল লাভ লাভ কৰিছে। কেপলাৰ আৰু ভৰটেক্সা নামৰ দুটা কোম্পানীয়ে দাবী কৰিছে যে ভাৰতত ৰাছিয়াৰ তেল আমদানিৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে ভাৰতৰ পৰা শোধিত তেল ৰপ্তানিৰ পৰিমাণো বৃদ্ধি পাইছে।সংগঠন দুটাৰ পৰিসংখ্যা অনুসৰি ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পূৰ্বে ভাৰতে প্ৰতিদিনে ইউৰোপৰ বজাৰলৈ ১ লাখ ৫৪ হাজাৰ বেৰেল ডিজেল আৰু জেট ইন্ধন ৰপ্তানি কৰিছিল। তাৰ পিছত ইউৰোপীয় দেশসমূহে ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত ৰাছিয়াক নিষিদ্ধ কৰিছিল। পশ্চিমীয়া বিশ্বইও ৰাছিয়াৰ কোম্পানীসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক বিচ্ছিন্ন কৰি পেলালে। এনে পৰিস্থিতিত ৰাছিয়াই অতি কম মূল্যত খাৰুৱা তেল ভাৰতলৈ ৰপ্তানি কৰে। আন্তঃৰাষ্ট্ৰীয় হেঁচাত পৰিও ভাৰতে হঠকাৰীভাৱে ৰাছিয়াৰ তেল ক্ৰয় কৰি আছে।ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ এবছৰতকৈও অধিক সময় পাৰ হৈ গ’ল। কেপলাৰৰ তথ্য অনুসৰি এই সময়ছোৱাত ভাৰতৰ ইউৰোপলৈ শোধিত তেল ৰপ্তানি জপিয়াই পৰে। যোৱা বিত্তীয় বৰ্ষত ভাৰতে প্ৰতিদিনে গড়ে ২ লাখ বেৰেল তেল ৰপ্তানি কৰিছিল। পৰিসংখ্যা অনুসৰি ভাৰতে ইৰাকৰ পৰিৱৰ্তে ৰাছিয়াৰ পৰা সৰ্বাধিক তেল ক্ৰয় কৰিছিল। কম মূল্যত ৰাছিয়াৰ তেল ক্ৰয় কৰি ইউৰোপীয় দেশলৈ শোধিত তেল ৰপ্তানি কৰে।কেপলাৰ আৰু ভৰ্টেক্সাৰ প্ৰতিবেদন অনুসৰি যোৱা এবছৰত ভাৰতৰ ডিজেল ৰপ্তানি ১২-১৬ শতাংশ বৃদ্ধি পাইছে। ভাৰতে ফ্ৰান্স, তুৰস্ক, বেলজিয়াম, নেদাৰলেণ্ড আদি দেশলৈ সৰ্বাধিক পৰিমাণৰ ডিজেল ৰপ্তানি কৰিছে। অৱগত সূত্ৰ অনুসৰি ভাৰতে ৰাছিয়াৰ তেল কম মূল্যত শোধন কৰি সঠিক মূল্যত ইউৰোপীয় বজাৰত বিক্ৰী কৰি আছে। ফলত বিপুল লাভো হৈছে।
