১৩ এপ্ৰিল , চিৰাং:পৌৰ কৰ , বিদ্যুৎ মাছুল,টোলটেক্স আৰু ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে চিৰাঙৰ বিজনীত বৃহস্পতিবাৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়।ভাৰতৰ গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও-চিৰাং জিলা কমিটীৰ উদ্যোগত বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।পুৱা ১১ বজাৰ পৰা দুঘন্টীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।শেষত মুঠ ৭ দফীয়া দাবী সমূহ – ১) নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক ,২ ) পৌৰকৰ হ্ৰাস কৰক
৩) জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰক ৪) বিদ্যুৎ মাছুল বৃদ্ধি ৰোধ কৰক ,৫) টোল টেক্স হ্ৰাস কৰক ,৬) কৃষকৰ উৎপাদিত ফচলৰ ন্যায্য মূল্য প্ৰদান কৰক আৰু ৭) বছৰি ২ কোটি কৰ্ম সংস্থাপনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক উক্ত দাবী সম্বলিত এখন স্মাৰক পত্ৰ বিজনী মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে।










