মাৰ্ঘেৰিটা, ১৩ এপ্ৰিলঃমেকলইড ৰাছেল কোম্পানীয়ে তেওঁলোকৰ চাহ বাগিছাত কৰ্মৰত কৰ্মচাৰীসকলক পাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি অহা প্ৰতিবাদত আজিৰে পৰা অনিৰ্দিষ্ট কালিন কৰ্মবিৰতি পালন কৰিছে।মাৰ্ঘেৰিটাত অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখা সংঘৰ নেতৃত্বত মাৰ্ঘেৰিটা, ডিৰক,দিহিং, নামদাং আৰু বগাপানী চাহ বাগিছাত কৰ্মচাৰীসকলে এই কৰ্মবিৰতি পালন কৰিছে।উল্লেখ্য যে অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখা সংঘই মঙলবাৰে চাহ বাগিছা পৰিচালকক ঘেৰাও কৰি কৰ্মচাৰী সকলৰ পাপ্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছিল।আৰু বাগিচা কতৃপক্ষক দাবী সমূহ পুৰণ কৰিব বাবে ২৪ ঘন্টা সময়সীমা বান্ধি দিছিল।কিন্তু ২৪ ঘন্টাৰ ওকলি যোৱা পিছতো কৰ্মচাৰীসকলৰ দাবী পুৰণ নকৰাত আজি পুৱাৰে পৰা বাগিচা কৰ্মচাৰীসকলে অনিৰ্দিষ্ট কালিন কৰ্মবিৰতি ৰূপায়ণ কৰিছে।অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখা সংঘৰ অভিযোগ যে মাৰ্ঘেৰিটা মহকুমা স্থিত মেকলইড ৰাছেল কোম্পানীৰ বাগিচা সমুহে কৰ্মচাৰীসকলক দীৰ্ঘদিনে পাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে। মেকলইড ৰাছেল কোম্পানীৰ বাগিচাসমূহে কৰ্মচাৰীসকলক আজিৰ পৰ্যন্ত ভ্রমন বোনাচ, ২০২২ চনৰ অনাদায় হৈ থকা বাকী ৮% বোনাচ, মাৰ্চ মাহৰ দৰ্মহা আদি আদায় দিয়া নাই।অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখা সংঘৰ সাধাৰণ সম্পাদক পুৰ্ণ বৰুৱাই মেকলইড ৰাছেল কোম্পানীয়ে কৰ্মচাৰীসকলক পাপ্য পৰা বঞ্চিত কৰাৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়া লগতে অনতি পলমে কৰ্মচাৰীসকলৰ পাপ্য মুকলি কৰি দিবলৈ দাবী জনাইছে।অন্যথা আগন্তুক দিনতো কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰি যাব বুলি জানিবলৈ দিয়ে।বাইটঃ পুৰ্ণ বৰুৱা, সাঃসম্পাদক অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখা ।