গুৱাহাটী,১৪ এপ্ৰিলঃ গৰু বিহুৰ দিনা ৰাজ্যবাসীক ১৪ হাজাৰ কোটি টকাৰো অধিক ব্যয়ৰ কেইবাটাও প্ৰকল্প উপহাৰ দি দিল্লীলৈ উভতি গ’ল প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্রী মোদীয়ে আজি কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজি দিনৰ প্ৰায় ১১.৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হৈ হেলিকপ্টাৰেৰে চাংসাৰিৰ এইমছ গুৱাহাটীত আয়োজন কৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ১১২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৭৫০ খন বিছনাযুক্ত এইমছ গুৱাহাটী প্ৰধানমন্ত্রীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানতে প্ৰধানমন্ত্রীয়ে ভাৰ্চুৱেলি নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজ মুকলি কৰে। এইমছ গুৱাহাটীৰ পৰাই প্ৰধানমন্ত্রীয়ে প্ৰধানমন্ত্রীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনি অনুসৰি ১ কোটি ১০ লাখ মানুহৰ বাবে আয়ুষ্মান কাৰ্ড মুকলি কৰে। প্ৰধানমন্ত্রীয়ে এইমছৰ পৰাই আই আই টি গুৱাহাটী আৰু অসম চৰকাৰৰ মাজত হোৱা বুজাবুজিৰ সিদ্ধান্ত মৰ্মে নিমাৰ্ণ কৰিবলগীয়া ‘আৰ্হি’ নামৰ অত্যাধুনিক প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত প্ৰধানমন্ত্রী মোডীয়ে কলাক্ষেত্রত আয়োজন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। কলাক্ষেত্রৰ পাছত প্ৰধানমন্ত্রীয়ে সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰে। সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্রীয়ে কেইবাটাও আঁচনি মুকলি কৰে। সৰুসজাইৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভাৰচুৱেলি নামৰূপৰ ৫০০ টিপিডি মিথানেল প্ৰকল্পৰ শুভাৰম্ভণি কৰে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে ভাৰচুৱেলি ১০০ কোটি টকা ব্যয় সাপেক্ষে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে লোৱা আঁচনিৰ কামৰো শুভাৰম্ভ কৰে। দুয়োটা কাৰ্যসূচীৰ পিছত ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন হ’বলগীয়া পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলাও প্ৰধানমন্ত্রীয়ে ভাৰ্চুৱেলি স্থাপন কৰে। আনহাতে সৰুসজাইৰ পৰাই প্ৰধানমন্ত্রীয়ে উত্তৰ পূব সীমান্তৰ প্ৰায় ৭০০০ কোটি টকা ব্যয়ৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। এই সমূহ কাৰ্যসূচীৰ পাছতে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় বিহুনাচৰ বিশাল অনুষ্ঠানটো। সৰুসজাইত ১১ হাজাৰৰো অধিক বিহুৱা আৰু বিহুৱতীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰে বিহুনাচ। এক অনন্য আৰু অনবদ্য অনুষ্ঠানৰ সাক্ষী হ’ল প্ৰধানমন্ত্রী মোডী। আনহাতে প্ৰধানমন্ত্রীৰ উপস্থিতিত বিহুনাচ আৰু ঢোলবাদনে লাভ কৰা গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণ পত্র কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে। উল্লেখ্য যে বিশ্ব অভিলেখৰ বাবে বিহুনাচ প্ৰদৰ্শন আৰু ঢোল বাদনৰ অনুষ্ঠানটো ১৩ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বিহুনাচৰ বিশাল অনুষ্ঠানটো উপভোগ কৰাৰ পাছতে প্ৰধানমন্ত্রীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াই দিল্লীলৈ উভতি যায়।










