তিনিচুকীয়াৰ, ১৩ এপ্ৰিলঃতিনিচুকীয়াৰ পেঙেৰীত, পেঙেৰী আৰক্ষীয়ে মংগলবাৰে নিচাযুক্ত টেবলেট জব্দ কৰা পিছত আজি পুনৰ ড্ৰাগছ সহ আটক কৰে ৫ ড্ৰাগছ মাফিয়াক।তিনিচুকীয়া DSP পাৰ্থপ্ৰতিম দুৱৰা,মাৰ্ঘেৰিটা SDPO হেমন্ত কুমাৰ বড়ো আৰু পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বকুল ইংতিৰ নেতৃত্বত অভিযান চলাই ফিল’বাৰী ৰসবাৰী পৰা আটক কৰে ড্ৰাগচ পেডলাৰ নৱজ্যোতি বড়াক।আৰু আজি পূৱাৰ ভাগত পেঙেৰী থানাৰ সন্মুখত নাকা চেকিং বহাই থকাৰ সময়ত ডিগবৈ আনন্দ পাৰাৰ দুই ভাতৃ ক্ৰমে সুভম দেৱনাথ আৰু সৌৰভ দেৱনাথৰ পৰা জব্দ কৰে প্ৰায় ১২ গ্ৰাম সন্দেহযুক্ত হেৰইন।সুভম দেৱনাথ আৰু সৌৰভ দেৱনাথৰ স্বীকাৰোক্তিত বৰডুমচাৰ ১ নং মহংৰ পৰা ড্ৰাগছ মাফিয়া ৰাজেন মৰাণ আৰু ৰমেন বড়াক আটক কৰে আৰক্ষীৰ দলটোয়ে।দুয়োটা ড্ৰাগছ মাফিয়াৰ পৰা বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।জব্দ কৰা ড্ৰাগছৰ মুঠ পৰিমাণ প্ৰায় ২৭ গ্ৰাম।আৰক্ষীয়ে ড্ৰাগছ মাফিয়াক জেৰা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে।