গুৱাহাটী,১৬ এপ্ৰিলঃ ৰঙালীৰ উখল-মাখল পৰিৱেশৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। মালিগাঁৱ ষ্টেডিয়ামৰ সমীপত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ছুৰীৰে হানি-খুচি হত্যা কৰা হৈছে এজন যুৱকক। নিহত যুৱকজনৰ নাম ৰোহিত গামি বুলি জানিব পৰা গৈছে। বিহুৰ অনুষ্ঠান উপভোগ কৰি থাকোতেই সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে মালিগাঁও ষ্টেডিয়ামত যোৱানিশা অনুষ্ঠিত বিহুতলীত ৰোহিত গামি নামৰ যুৱকজনক এদল যুৱকে ছুৰীৰে আক্ৰমণ কৰে। এই আক্ৰমণত যুৱকজনৰ মৃত্যু হয়। পহিলা বহাগৰ দিনা ভৃগু কাশ্যপৰ অনুষ্ঠানৰ মাজতে এই ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে এদল যুৱকৰ সৈতে বিহুতলীত ৰোহিত গামি কাজিয়াত লিপ্ত হৈছিল। পৰৱৰ্তী সময়ত যুৱকৰ দলটোৱে ৰোহিত গামিক ছুৰীৰে আক্ৰমণ কৰে। ইয়াৰ পিছতেই আহত ৰোহিত গামিক প্ৰথমে পাণ্ডু এফ আৰ ইউত ভৰ্তি কৰোৱা হয়। কিন্তু অধিক ৰক্তক্ষৰণ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও ৰোহিত গামিৰ মৃত্যু হয়। ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে আদিংগিৰিৰ এজন যুৱকক সোধা পোছাৰ বাবে আটক কৰিছে। আটকাধীন যুৱকজনৰ নাম ৰাহুল বৈশ্য বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়াও আৰক্ষীৰ জালত পৰা নাই ৰোহিতক আক্ৰমণ কৰা যুৱকৰ দলটোৰ আন সদস্যসকল। আনহাতে মালিগাঁৱতে ছুৰীৰে আক্ৰমণ কৰাৰ আন এটা ঘটনা সংঘটিত হয়। এই ঘটনাত সীমান্ত তালুকদাৰ নামৰ যুৱকজন আহত হয়। বৰ্ত্তমান তেওঁ জি এম চি এইছত চিকিৎসাধীন হৈ আছে। ইফালে মহানগৰীৰ বেলতলাতো সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। অচিনাক্ত দুৰ্বৃত্তই এজন লোকক হত্যা কৰি গেটত ওলমাই থৈ যায় মৃতদেহ। বেলতলাৰ সৌৰভনগৰত সংঘটিত হৈছে এই ঘটনা। মৃত ব্যক্তি জনৰ নাম সুবল দেৱবাৰ্মা বুলি জানিব পৰা গৈছে।