,২১ এপ্ৰিল , ওদালগুৰিঃকামৰ সন্ধানত যোৱা যুৱক পুনৰ বহিঃৰাজ্যত সন্ধানহীন ৷ দিল্লীৰ আনন্দ বিহাৰ ৰেলৱে ষ্টেচনৰ পৰা সন্ধানহীন ভেৰগাঁৱৰ বাদলাপাৰা চাহ বাগিছাৰ দেওঁচাই এক্কা নামৰ এজন ২৫ বছৰীয়া যুৱক ৷ বাদ্লাপাৰা চাহ বাগিছাৰ কিশান এক্কা আৰু ফুলমনি এক্কাৰ পুত্ৰ দেওচাই এক্কা কামৰ সন্ধানত দিল্লীলৈ যোৱাৰ পথত আনন্দ বিহাৰ ৰেলৱে ষ্টেচনৰ পৰাই সন্ধানহীন হৈ পৰে ৷ লগৰীয়াৰ সৈতে যোৱা দেওচাই এক্কা ৰেল ষ্টেচনৰ পৰাই সন্ধানহীন হোৱা ঘটনা সতীৰ্থই ফোনযোগে পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে বহু স্থানত বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই যুৱকজনৰ । নিৱনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা ৰাজ্যৰ বহু যুৱক যুৱতী কৰ্মসংস্থাপনৰ আশাত বহিঃৰাজ্যত গৈ সন্ধানহীন হৈ আহিছে ৷ পুনৰ চাহ বাগিছা অঞ্চলৰ আন এজন যুৱক কৰ্মৰ সন্ধানত গৈ বহিঃৰাজ্যত সন্ধানহীন হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক ৷ পৰিয়ালৰ লোকে একেলগে যোৱা যুৱকজনৰ সতীৰ্থ সকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে যদিও এইপৰ্যন্ত যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোক ।উপায়হীন হৈ সংবাদমাধ্যমৰ সহায় বিছাৰিছে পৰিয়ালটিয়ে ৷ কোনো লোকে যুৱকজনৰ সন্ধান পালে ৯৩৬৫২৪৯৪৯৪ নতুবা ৮০১১৬৪২৪০৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷










