গুৱাহাটী,২২ এপ্ৰিলঃ অৱশেষত কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা ছয় বছৰৰ বাবে বহিষ্কাৰ কৰা হ’ল প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তক। দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা বাবে অংকিতা দত্তক দলৰ পৰা বহিষ্কাৰ কৰা হয়। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে আজি এক নিৰ্দেশ যোগে অংকিতা দত্তক ছয় বছৰৰ বাবে দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰে। উল্লেখ যে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। সামাজিক মাধ্যমত উত্থাপন কৰা এই গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংকিতা দত্তক মতাই আনি সমগ্ৰ বিষয়টো মীমাংসা কৰাৰ প্ৰতিক্ৰিয়া দিছিল। দলৰ শীৰ্ষ নেতৃত্বৰে সাক্ষাৎ কৰাই সমগ্ৰ বিষয়টো মীমাংসা কৰা হ’ব বুলি ভূপেন বৰাই কোৱাৰ পাছতো অংকিতা দত্তই দিছপুৰ থানাত বহু গুৰুতৰ অভিযোগেৰে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। বুধবাৰে ভূপেন বৰাৰ বুজনিৰ পাছতো সিদিনাই নিশা অংকিতা দত্তই দিছপুৰ থানাত এজাহাৰ দাখিল কৰে। লক্ষণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কঠোৰ নিৰ্দেশনা উলংঘা কৰি শ্ৰীনিবাসৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিল অংকিতা দত্তই। যাকলৈ ক্ষোভিত হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। তাৰ পাছতেই বৃহস্পতিবাৰে অংকিতা দত্তৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্রী ববিতা শৰ্মাক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰে যোগাযোগ কৰাৰ বাবে দায়িত্ব দিয়া হয়। অংকিতা দত্ত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য হোৱা বাবে কংগ্ৰেছ নেত্রী ববিতা শৰ্মাক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দিয়া হৈছিল। অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বিষয়টো প্ৰদেশ কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ওপৰতে এৰি দিছিল। আনহাতে বৃহস্পতিবাৰেই প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ড০ অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। অতি কম সময়ৰ ভিতৰতে উত্তৰ বিচাৰি জাননী জাৰি কৰা হৈছিল। শুকুৰবাৰে অংকিতা দত্তই দিয়া জাননীৰ উত্তৰ প্ৰদেশ কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰে। অৱশেষত শনিবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অংকিতা দত্তৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে লগে লগে কাৰ্যকৰী হোৱাকৈ অংকিতা দত্তক ছয় বছৰৰ বাবে কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছে। দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত অংকিতা দত্তক বহিষ্কাৰ কৰা হৈছে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বিবৃত্তি যোগে সদৰি কৰিছে।










