লখিমপুৰ, ২২ এপ্ৰিল ;অসম অৰুণাচল সীমা সমস্যা চুক্তিৰ ২৪ ঘণ্টা পাৰ নৌহওতেই অৰুণাচলী দুৰ্বৃত্তই অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰত অসমৰ ভূমিত আহি তাণ্ডৱ চলোৱাৰ লগতে গুলিচালন কৰা ঘটনাই লখিমপুৰ জিলাখনত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৰামপুৰৰ খণ্ড বন বিষয়াৰ এটা দল ৰঙা বনাঞ্চলত বন বিভাগে ৰোপণ কৰা গছপুলি পৰ্যবেক্ষণৰ বাবে যাওঁতে অৰুণাচলী দুৰ্বৃত্তই শূণ্যলৈ গুলি নিক্ষেপ কৰে লগতে বিভিন্ন ধৰণৰ গালি-গালাজ পাৰে বন বিভাগৰ দলটোক।
উল্লেখযোগ্য যে লখিমপুৰ সামাজিক বনানিকৰণ বিভাগে ৰঙা সংৰক্ষিত বনাঞ্চলত ৩০ হেক্টৰ ভূমিত গছপুলি ৰোপন কৰিছিল।আজি পুৱাৰে পৰা অৰুণাচলী দুৰ্বৃত্তই গছপুলি সমূহ কাটি তহিলং কৰাৰ লগতে ফেংচিং সমূহ ভাঙি নষ্ট কৰি পেলায় ।ঘটনা সংঘটিত হোৱাৰ পাছত অসমৰ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই বন বিভাগৰ হাৰমতি আঞ্চলিক বন বিষয়া গুনজিত তালুকদাৰ, ৰামপুৰ আঞ্চলিক বন বিষয়াৰ উপস্থিতিত ঘটনাস্থলী পৰিদৰ্শন কৰি ফেনচিং মেৰামতি কৰাৰ ব্যৱস্থা কৰে ।উল্লেখ যে সীমা সমস্যাৰ সন্দৰ্ভত আলোচনা বিলোচনা চলি থকাৰ সময়ছোৱাতে যোৱা ৬ এপ্ৰিলত ৰামপুৰত অৰুণাচলীৰ এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনা হয় সন্দৰ্ভত লখিমপুৰৰ চিলনিবাৰী আৰক্ষী চকীত অৰুণাচলী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এক এজাহাৰ বন বিভাগে দাখিল কৰিছিল । আজিৰ ঘটনা সন্দৰ্ভতো বন বিভাগে অৰুণাচলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।