গুৱাহাটী,২৩ এপ্ৰিলঃ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিলৈ অসম আৰক্ষীৰ জাননী। তদন্তৰ বাবে শ্ৰীনিবাসক অসমলৈ আহিবলৈ জাননী জাৰি কৰা হৈছে। কংগ্ৰেছৰ সদ্য বহিষ্কৃত নেত্রী অংকিতা দত্তই অনা অভিযোগ ভিত্তিত ৰুজু হোৱা গোচৰৰ পৰিপ্ৰেক্ষিতত শ্ৰীনিবাসক অসম আৰক্ষীয়ে জাননী জাৰি কৰিছে। অৱশ্যে শ্ৰীনিবাসক এতিয়াই গ্ৰেপ্তাৰৰ সম্ভাৱনা নাই। উল্লেখ্য যে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগ তুলি অংকিতা দত্তই ১৯ এপ্ৰিলত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিত ৰুজু কৰা গোচৰৰ তদন্তৰ বাবে গুৱাহাটী আৰক্ষীৰ ৫ জনীয়া এটা দল শনিবাৰে কৰ্ণাটকলৈ ৰাওনা হয়। কৰ্ণাটকলৈ যোৱা আৰক্ষীৰ দলটোৰ নেতৃত্বত আছে এডিজিপি মৈত্ৰেয়ী ডেকা। ইফালে আজি শ্ৰীনিবাসৰ বেংগালুৰুৰ ৰাজাজী নগৰত থকা ঘৰত উপস্থিত হয় অসম আৰক্ষীৰ দলটো। আৰক্ষীয়ে শ্ৰীনিবাসক জেৰাৰ বাবে অসমলৈ অহাৰ বাবে জাননী জাৰি কৰে। অসমলৈ অহাৰ পিছত জেৰাৰ সন্মুখীন হ’ব লাগিব শ্ৰীনিবাস। জেৰাৰ ভিত্তত গ্ৰেপ্তাৰ হ’ব পাৰে শ্ৰীনিবাস। বৰ্ত্তমান গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা নাই। গুৱাহাটী আৰক্ষী আযুক্তালয়ৰ পূৱ গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী উপ-আয়ুক্ত মৈত্ৰেয়ী ডেকাই শ্ৰীনিবাসলৈ জাৰি কৰা জাননীত ২ মে’ৰ দিনৰ ১১ বজাৰ পূৰ্বে দিছপুৰ আৰক্ষী থানাত শ্ৰীনিবাসক উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তদানীন্তন সভাপতি অংকিতা দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৯/২৯৪/৩৪১/৩৫২/৩৫৪/৩৫৪ (এ) (ফ’ৰ)/৫০৬ আৰু তথ্য প্রযুক্তি আইনৰ ৬৭ ধাৰা আৰোপ কৰি ৬৯২/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰিছে। ইতিমধ্যে অভিযোগকাৰী
অংকিতা দত্তই কামৰূপ মহানগৰ জিলা মুখ্য ন্যাায়িক দণ্ডাধীশৰ আদালতত জবানবন্দীও লিপিবদ্ধ কৰোৱাইছে। লক্ষণীয় বিষয় যে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে শাৰীৰিক, মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰথমে টুইট কৰাৰ পাছত পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিষয়টো দলীয় মঞ্চত উত্থাপন কৰাৰ লগতে দিল্লীত বৈঠকৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়াৰ পাছতো অংকিতা দত্তই থানাত গোচৰ দিছিল। যাৰ বাবে তেওঁক দলটোৰ প্ৰাথমিক সদস্যৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হয়। উল্লেখ্য যে অংকিতা দত্তৰ প্ৰসংগ বৰ্ত্তমান ৰাজ্যৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনীতিতো বিশেষভাৱে চৰ্চিত বিষয় হৈ পৰিছে।