বঙাইগাঁও ২৩ এপ্ৰিলঃ–বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঝাউবাৰী পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ নোৱাগাওঁত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে স্হানীয় ৰাইজেপঞ্চায়ত প্ৰতিনিধিৰ দূৰ্নীতি আৰু পথ মুকলি কৰি দিয়াৰ দাবীত এই প্ৰদিবাদ কৰে।
প্ৰায় তিনি শতাধিক পৰিয়ালৰ কেইবা সহস্ৰাধিক ৰাইজৰ যাতায়তৰ অসুবিধা হৈছে।
দক্ষিণ নোৱাগাওঁ খণ্ডত কেইজনমান ব্যক্তিয়ে ৰাস্তা দখল কৰি বন্ধ ৰখা আৰু পঞ্চায়ত প্ৰতিনিধি এজনে ছয় লক্ষ্যাধিক টকাৰ ৰাস্তাৰ কামত ব্যাপক দূৰ্নীতি কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদা সাৱস্ত্য কৰিছে। প্ৰায় তিনি শতাধিক বসতী থকা অঞ্চলটোত কেইজন মান লোকে ৰাস্তা দখল কৰাৰ লগতে ৰাস্তা বন্ধ কৰি ৰখাত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিব অঞ্চলবাসীয়ে। এম্বুলেঞ্চ, অগ্ননিবাক বাহিনীৰ গাড়ী প্ৰৱেশ কৰিব নোৱাৰে ৰাস্তাটোৰে, ফলত গৰ্ভৱতী মহিলা, ৰোগী চিকিৎসালয়ত লৈ যোৱাত অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ, বঙাইগাওঁ জিলা উপায়ুক্ত, প্ৰশাসনক তদন্ত কৰি ৰাস্তাটো সুচল কৰি দিয়াৰ বাবে ৰাইজে অনুৰোধ জনাইছে।










