তিনিচুকীয়া ২৫ এপ্ৰিলঃ শেষতীয়াকৈ ৰাজ্য চৰকাৰে বাগিছা বিদ্যালয়সমূহৰ বাবে শিক্ষক নিযুক্তি দিয়া হ’ব বুলি কৰা ঘোষণাকলৈ সংকিত হৈ পৰিছে বিগত দীৰ্ঘদিনে দৈনিক মজুৰি ভিত্তিত নিয়োজিত হৈ থকা সমগ্ৰ অসমৰ প্ৰায় ৪ শতাধিকতকৈয়ো অধিক শিক্ষক শিক্ষয়িত্ৰী।বাগিছা বিদ্যালয়সমূহত চৰকাৰ আৰু বাগিছা কৰ্তৃপক্ষই যৌথভাৱে নিয়োগ কৰা শিক্ষক শিক্ষয়িত্ৰী থাকিব বুলি চৰকাৰৰ এক অধিসূচনাত এই কথা প্ৰকাশ পাইছে । প্রাথমিক বিদ্যালয়সমূহত দুটাকৈ শিক্ষক পদ, মজলীয়া বিদ্যালয়ত তিনিটাকৈ শিক্ষক পদ আৰু হাইস্কুলত এগৰাকী প্ৰধান শিক্ষক আৰু ৫ টা শিক্ষক পদ চৰকাৰী ভাৱে সৃষ্টি কৰি তাৰ বিপৰীতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব বুলি নিৰ্দ্দেশনাটোত উল্লেখ আছে। কিন্তু মন কৰিবলগীয়া যে বাগিছা বিদ্যালয়সমূহত ইতিপূর্বে নিয়োজিত হৈ থকা শিক্ষকসকলৰ চাকৰি প্ৰাদেশীকৃত নহ’ব আৰু তেওঁলোকে চৰকাৰী হাৰত নহয়; চাহ বাগিচা কৰ্তৃপক্ষৰ অধীনতহে দৰমহা পাব। অর্থাৎ ৰাজ্য চৰকাৰে চাহ বাগিছা অঞ্চলৰ বিদ্যালয় প্ৰাদেশিকীৰণৰ জৰিয়তে চাহ জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি দৰদ প্ৰদৰ্শন কৰি ৰাজনৈতিক মুনাফা আহৰণৰ প্ৰয়াস কৰাৰ বিপৰীতে একেখন বিদ্যালয়তে শিক্ষকৰ মাজত বিভাজন আনিব খুজিছে বুলি অভিযোগ উত্থাপিত হৈছে। অৱশ্যে প্রাদেশীকৃত বিদ্যালয়সমূহত বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজন, বিনামূলীয়া ইউনিফৰ্ম আদিৰ সুবিধা চৰকাৰী ভাৱেই যোগান ধৰা হ’ব। উল্লেখ্য যে প্রাদেশীকৃত বিদ্যালয়সমূহত চৰকাৰী ভাৱে নিয়োজিত হ’ব লগা শিক্ষক আৰু বাগিচা কর্তৃপক্ষৰ পৰিচালিত শিক্ষকসকলৰ মাজত সংঘাত সৃষ্টিৰ আশংকা বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰাই কৰা হৈছে। সেয়ে বিভাগীয় সচিবগৰাকীৰ অধিসূচনাখনৰ জৰিয়তে জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলক দায়বদ্ধ কৰা হৈছে। তেওঁলোকে বিদ্যালয়ৰ দুয়ো শ্ৰেণীৰ শিক্ষকৰ মাজত সুসম্পর্কযুক্ত কৰ্ম সংস্কৃতি আৰু বিদ্যালয়সমূহত শান্তিপূৰ্ণ শৈক্ষিক পৰিবেশ সুনিশ্চিত কৰিব লাগিব। বাগিচা কর্তৃপক্ষ পৰিচালিত শিক্ষকসকলক প্রাদেশীকৃত শিক্ষকসকলৰ দৰেই চৰকাৰীভাৱে প্ৰশিক্ষণৰ সুবিধা আদি দিয়া হ’ব বুলিও অধিসূচনাখনত কোৱা হৈছে।কিন্ত বাগিছা কতৃপক্ষই নিয়োজিত কৰা শিক্ষক শিক্ষয়িত্ৰীসকল দৈনিক মজুৰি ভিত্তিত নিয়োজিত হৈ থাকিব লাগিব। এই ক্ষেত্ৰত চৰকাৰৰ সেইসকল শিক্ষকৰ দায়িত্ব বহন নকৰে। চৰকাৰ এই বিভাজনমূখী সিদ্ধান্তকলৈ সৰৱ হৈ পৰিছে বাগিছা কৰ্মৰত হৈ থকা শিক্ষকসকল। হাতীজান চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ দৈনিক মজুৰিপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলে পদোন্নতি দাবীত আজিৰে পৰা অনিৰ্দিষ্টকালীন আমৰণ অনশন ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। দৈনিক মজুৰিপ্ৰাপ্ত বাগিছাত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী এই প্ৰতিবাদী কাৰ্যসূচীলৈ পুৰ্ণ সমৰ্থন জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিয়ে। আজি শিক্ষক শিক্ষয়িত্ৰীসকলৰ এই অনিৰ্দিষ্টকালীন আমৰণ প্ৰতিবাদী স্থলীত উপস্থিত হয়হি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক জাৰ্নেল মিঞ্জ, মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক সমুৱেল তপ্ন, দুমডুমা আঞ্চলিক সমিতিৰ সভাপতি ছাৱান বাঘ আৰু সম্পাদক চুমিত তাঁতী।উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছা’ৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক জাৰ্ণেল মিঞ্জে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতিবাদক সমৰ্থন জনাই বাগিছা পৰিচালক তথা অসম চৰকাৰক আহ্বান জনায় কয় যে বাগিছা বিদ্যালয়ত কৰ্মৰত এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে এইসকল শিক্ষক শিক্ষয়িত্ৰীক পদোন্নতি কৰিব লাগে।তেওঁ লগতে শেষতীয়াকৈ অসম চৰকাৰে বাগিছা স্কুলসমূহত শিক্ষক নিযুক্তি দিয়াৰ বিষয়টোক আদৰণি জনায়। ইয়াৰ লগতে ১২ পৰা ২০ বছৰ ধৰি হাতীজান চাহ বাগিচাৰ লগতে সমগ্ৰ অসমত ২৩২ টকা দৈনিক মজুৰি ভিত্তিত সেৱা আগবঢ়োৱা শিক্ষক-শিক্ষয়ত্রীসকলক চৰকাৰী কৰণ কৰিবলৈ নতুবা কোম্পানী বাগিছা কৰ্তৃপক্ষই পদোন্নতি দিবলৈ অসম চৰকাৰক দাবী জনায়।
Home অসম আৰু উত্তৰপূব হাতীজান চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ দৈনিক মজুৰিপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আমৰণ অনশনৰ কাৰ্যসূচী...










