গুৱাহাটী,২৮ এপ্রিলঃ সাংসদ পুঁজি ব্যয়ৰ ক্ষেত্রত হোৱা কেলেংকাৰী সম্পৰ্কীয় গোচৰত মুখ্যমন্ত্রীৰ তদাৰকী কোষে মঙলবাৰৰ পৰা তদন্ত আৰম্ভ কৰিব। লগতে জেৰাৰ সন্মূখীন হ’ব লাগিব অভিযুক্তসকল। ইয়াৰ বাবে সংশ্লিষ্ট অভিযুক্তলৈ জাননী প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে সাংসদ পুঁজিৰ কেলেংকাৰিৰ অভিযোগত ২৫ এপ্ৰিলত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে মুখ্যমন্ত্রী তদাৰকী কোষ তথা চি এম ভিজিলেন্সে গোচৰ ৰুজু কৰিছিল। প্রাথমিক তদন্তৰ অন্তত চি এম ভিজিলেন্সে গৃহ বিভাগৰ অনুমোদন সাপেক্ষে ৭ কোটি টকীয়া সাংসদ পুঁজিৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত মঙলবাৰে সাংসদ ভূঞাসহ মুঠ ১৪জন অভিযুক্তৰ বিৰুদ্ধে ২/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰে। উল্লেখ্য যে এই কেলেংকাৰিৰ মূল অভিযুক্তৰ তালিকাত চি এম ভিজিলেন্সে স্থান দিছে সাংসদ ভূঞাৰ লগতে ঠিকাদাৰ আৰু চাৰিগৰাকী এ চি এছ বিষয়াকো। অভিযুক্তসকলৰ অন্যতম হৈছে নিলম্বিত এ চি এছ বিষয়া শর্মিষ্ঠা বৰা, সুকন্যা বৰা, হেমন্ত কুমাৰ দত্ত আৰু মুনীন্দ্ৰ বৰদলৈ। তদুপৰি ঠিকাদাৰ অৰূপ কলিতাৰ উপৰি আন ৮ জন লোককো অভিযুক্ত কৰিছে চি এম ভিজিলেন্সে। উল্লেখ্য যে অভিযোগ অনুসৰি কাম নকৰাকৈ সাংসদ পুঁজিৰ ধন উলিয়াই নিছিল দুর্নীতিগ্রস্ত ঠিকাদাৰে। আনকি অস্তিত্বহীন পথৰ নামতো ধন মোকলাই দিছিল উপায়ুক্ত কাৰ্যালয়ৰ এ চি এছ বিষয়াই। বিশেষকৈ
কামৰূপ আৰু বৰপেটা জিলাত সংঘটিত হৈছিল এই দুর্নীতি। পথ নিৰ্মাণৰ ৭৫ শতাংশ কাম সম্পূর্ণ নৌহওতেই ১০০ শতাংশ পথ নিৰ্মাণৰ কামৰ বিলত স্বাক্ষৰ কৰিছিল অতিৰিক্ত উপায়ুক্তই। এই কেলেংকাৰিৰ গোচৰটোত অভিযুক্তৰ তালিকা দীঘলীয়া হ’ব বুলিও ইংগিত দিছে চি এম ভিজিলেন্সৰ সূত্ৰই। পূৰ্বতে দুৰ্নীতিৰ অভিযোগত চি এম
ভিজিলেন্সে নিয়মীয়া তদন্তৰ বাবে গোচৰ ৰুজু কৰা দিনটোতে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰে যদিও এই হাই প্ৰফাইল গোচৰটোত চি এম ভিজিলেন্সে তেনে কৰা পৰিলক্ষিত হোৱা নাই। অভিযোগ অনুসৰি বৰপেটা চহৰত পথ নিৰ্মাণৰ বাবে আৱণ্টিত হৈছিল ৰাজ্য সভাৰ সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজিৰ ধন। চহৰখনৰ শ্ৰীকমাৰ পথৰ পৰা হৰেণ দাসৰ ঘৰ সংযোগী পথৰ বাবে ৮ লাখ টকা, ২ নং গলিয়াহাটীৰ চন্দ্ৰকান্ত শৰ্মাৰ ঘৰৰ পৰা বিৰেণ দাসৰ ঘৰলৈ পথটোৰ বাবদ ১০ লাখ টকা আৰু শান্তিনগৰ অঞ্চলৰ অশ্বিনী দাসৰ ঘৰৰ পৰা গোকুল পাঠক পথ সংযোগী উপ-পথৰ বাবে আৱণ্টিত হৈছিল ১০ লাখ টকা। চহৰখনৰ ৩ টাকৈ পথ নিৰ্মাণৰ বিপৰীতে আৱণ্টিত হৈছিল মুঠ ২৮ লাখ টকা। কিন্তু ভিজিলেন্সৰ দলৰ চৰজমিন তদন্তৰ কালত এটাও পথত দেখা পোৱা নাছিল আঁচনিৰ তথ্য সম্বলিত কোনো ফলক। লগতে পথকেইটা নির্মাণ কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত একোখনকৈ স্থানীয় লোকৰ দ্বাৰা গঠিত কমিটী থকাটো বাধ্যতামূলক যদিও তিনিওটা পথৰ কমিটীৰ বিষয়ে কোনো অৱগত নাছিল স্থানীয় লোক। যাৰ পৰিপ্ৰেক্ষিতত চি এম ভিজিলেন্সে ৰুজু কৰে গোচৰ। মঙলবাৰৰ পৰা গোচৰটোৰ জেৰা আৰম্ভ কৰিব চি এম ভিজিলেন্সে। ইয়াৰ বাবে অভিযুক্ত চাৰিগৰাকী এ চি এছ বিষয়ালৈ চি এম ভিজিলেন্সে জাননী জাৰি কৰিছে। আনহাতে সাংসদ অজিত কুমাৰ ভূঞালৈ প্ৰেৰণ কৰিছে পত্র। গোচৰটোৰ চাৰিগৰাকী এ চি এছ বিষয়াসহ ১৪ জন অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।