গুৱাহাটী,১ মে’: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে জল জীৱন অভিযানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। অসমৰ দৰে ১ শতাংশ ক’ভাৰেজৰ এখন ৰাজ্যই জল জীৱন অভিযানৰ অধীনত ৫০ শতাংশ অগ্ৰগতি লাভ কৰিছে। আজি গুৱাহাটীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে এক সংবাদ মেলত এই কথা কয়। তেওঁ ২০২৪ৰ শেষলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে জল জীৱন অভিযানৰ অধীনত ১০০ শতাংশ অগ্ৰগতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত আজি ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্য্যালোচনা ব’ৰ্ডৰ দ্বাদশ বৈঠক অনুষ্ঠিত হয়। তেওঁ কয় যে এফালে জল সংকট আৰু আনফালে বানপানীৰ দৰে পৰিস্থিতিৰ মাজত সামগ্ৰিক সমাধান সূত্ৰ নিৰ্ণয় কৰিব পৰাকৈ উত্তৰ-পূবৰ জলসম্পদ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰিকল্পনা কৰা হৈছে। এই কৰ্তৃপক্ষই সকলো জল অৱবাহিকাৰ সঠিক ব্যৱহাৰৰ বাবে কাম কৰিব। সংসদৰ অনুমোদনৰ লগে-লগে এই কৰ্তৃপক্ষ গঠন কৰা হ’ব। তেওঁ আৰু কয় যে গ্ৰামাঞ্চলসমূহত জেজেএমৰ অধীনত খোৱাপানী শোধন প্লান্টৰ বাবে পুঁজি অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৰাইজৰ বাবে কেৱল বিশুদ্ধ খোৱাপানীৰ উপলব্ধকৰণ নিশ্চিত কৰা হৈছে। নগৰাঞ্চলসমূহৰ বাবে কেন্দ্রীয় চৰকাৰৰ আন-আন পদক্ষেপো আছে আৰু ৰাজ্যসমূহে সৰ্বাধিক সুবিধা প্ৰশস্তকৰণৰ বাবে উক্ত পদক্ষেপৰাজিৰ ক্ষেত্ৰত সহযোগিতা কৰা উচিত। তেওঁ লগতে কয় যে স্বচ্ছ ভাৰত অভিযানৰ অগ্ৰগতি সম্পৰ্কে মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে পৰ্য্যালোচনা কৰা হৈছে আৰু ইয়াৰ গতি ত্বৰান্বিতকৰণৰ প্ৰয়োজন আছে।
এই বৈঠকত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জলসম্পদ তথা আন প্ৰতিনিধি মন্ত্ৰীসকলেও ভাগ লয়।