মৰাণ, ১মে ঃমৰাণৰ সমীপৰ খোৱাঙৰ বুঢ়ীদিহিং নদীত বৰশী বাবলৈ আহি সন্ধানহীন হোৱা ব্যক্তিজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে । মৰাণৰ হালমাৰী চাহবাগিছাৰ জোগনো তাঁ‌তী (৪২) নামৰ ব্যক্তিজনে কালি সমনীয়াৰ সৈতে বুঢ়ীদিহিং নদীত বৰশী বাবলৈ আহি নদীৰ বুকুত সন্ধানহীন হৈ আছিল । ডিব্ৰুগড়ৰ এচ ডি আৰ এফে কালি নদীত সন্ধান চলাইছিল যদিও উদ্ধাৰ কৰিব নোৱাৰিলে । আজি পুনৰ এচ ডি আৰ এফে নদীত অভিযান চলাই ব্যক্তিজনৰ মৃতদেহ নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে । উল্লেখযোগ্য যে ব্যক্তিজনে কালি বৰশী বায় থকাৰ অৱস্থাতে মৃগী বেমাৰ উকাই নদীত পৰি সন্ধানহীন হৈছিল ।