চেলেংহাট,৩ মে’ :যোৰহাট জিলাৰ টিয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমূখ অঞ্চল বৰ্তমান অপৰাধীৰ ভুস্বৰ্গলৈ পৰিণত হৈছে। প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনা থকা জাঁজীমূখ বৰ্তমান সময়ত প্ৰায়েই অনৈতিক কাৰ্যকালাপৰ বাবে সংবাদ শিৰোনাম দখল কৰি আহিছে। সেইদৰে জাঁজীমুখত অবৈধ বালি খননকাৰ্য চলি থকাৰ অভিযোগ প্ৰায়েই উত্থাপন হৈ আহিছে। ইয়াৰ মাজতে আজি যোৰহাট পৰিবহন বিভাগে এখন দুখন নহয় সৰ্বমুঠ সাতখন অবৈধ বালিভৰ্টি ট্ৰাক জব্দ কৰে। জব্দকৃত ট্ৰাক সমুহৰ নম্বৰ হৈছে AS 03 BC 9588, AS 03 BC 9366, AS 03 BC 8283, AS 03 CC 4118, AS 03 CC 4108, AS 03 CC 4105, আৰু AS 03 CC 4644 জানিব পৰা মতে জব্দকৃত অবৈধ বালিভৰ্টি ট্ৰাক সমুহৰ কোনো বৈধ নথি-পত্ৰ প্ৰত্যক্ষ কৰাত ব্যৰ্থ হৈছে । উক্ত ট্ৰাকসমূহ যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে আৰু গাড়ীভৰ্তী অবৈধ বালি সমূহ সেই দলংৰ নিৰ্মাণকাৰ্য্যত ব্যৱহাৰৰ বাবেই লৈ যোৱা হৈছিল বুলি অনুমান কৰা হৈছে। এজন প্ৰাক্তন ছাত্ৰনেতাৰ হস্তক্ষেপতেই জাঁজীমূখত অবৈধ বালিৰ সৰবৰাহ চলি আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।










