বৰপেটা,৩ মে’: সম্প্ৰতি অসমৰ মহিলাসকলে গ্ৰামাঞ্চলৰ ঘৰে ঘৰে গৈ ডিজিটেল বিত্তীয় সেৱা আগবঢ়াই ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ‘এক পঞ্চায়ত এক বিচি’ অভিযানৰ (Mission One GP One BC) অন্তৰ্গত ডিজি পে সখী যোজনা (Digipay Sakhi Yojana) হৈছে দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ আজীৱিকা পৰিযোজনাৰ (DAY- National Rural Livelihoods Mission) অধীনৰ এক অভিলাষী আঁচনি। যাৰ জৰিয়তে প্ৰত্যেক গাঁও পঞ্চায়তত কমেও এগৰাকী আত্মসহায়ক গোটৰ প্ৰশিক্ষিত মহিলাক বিচি সখী বা ডিজিপে সখীৰ দায়িত্ব দি গ্ৰামাঞ্চলত ঘৰে ঘৰে ডিজিটেল বিত্তীয় তথা বেংকিং সেৱা উপলব্ধ কৰোৱাৰ লগতে বিভাগৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ আত্মনিৰ্ভৰশীল হোৱাৰ পথ প্ৰশস্ত কৰা হৈছে ৷ পিছে ৰাজ্যবাসীৰ বাবে অতি আনন্দৰ বিষয় যে, চলিত বৰ্ষৰ মাৰ্চ মাহত এই ডিজিপে সখীৰ জৰিয়তে হোৱা বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত অসমে মুঠ ১৪৯.৯৪ লাখ টকাৰ লেনদেন কৰি শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ এই সফলতাৰ বাবে পঞ্চায়ত আৰু অসমৰ গ্ৰামোন্নয়ন, অসামৰিক যোগান পৰিক্ৰমা মন্ত্ৰী ৰনজিত কুমাৰ দাসে ডিজি পে সখীৰ দায়িত্বত থকা মহিলাসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সমূহ বিষয়া-কৰ্মচাৰীক তেওঁলোকৰ দিহা-পৰামৰ্শ তথা সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনাইছে ৷
Home অসম আৰু উত্তৰপূব অসমৰ মহিলাই গ্ৰামাঞ্চলৰ ঘৰে ঘৰে গৈ ডিজিটেল বিত্তীয় সেৱা আগবঢ়াই ভাৰতৰ ভিতৰত...










