- টীয়ক, ৭মে’:এগৰাকী যুৱকৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি টীয়কত এজন বৃদ্ধই দেওবাৰে আত্মহনন কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।জয়ন্ত বৰা নামৰ মিধাখাটৰ যুৱকজনৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি টীয়ক সোনাৰী গাঁৱৰ ভুৱন বৰদলৈ নামৰ ব্যক্তিজনে আত্মহত্যা কৰে ।জানিব পৰা মতে মাটি বাৰী সংক্ৰান্তীয় বিষয়ত জয়ন্ত বৰাই নিৰ্যাতন চলাই থকাৰ বাবেই আত্মহত্যাৰ পথ বাচি লোৱা বুলি ৬৫ বছৰীয়া ব্যক্তিজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে । উল্লেখযোগ্য যে আজি অভিযুক্ত জয়ন্ত বৰাই মণ্ডল সহিতে গাওঁপ্ৰধানক লৈ ভুৱন বৰদলৈৰ গৃহলৈ আহি মাটি কাঢ়ি লোৱাৰ ভাবুকি প্ৰদান কৰিছিল ।
অভিযুক্ত জয়ন্ত বৰাই অকৰ্তৃত্বশীল ভাবে ভুৱন বৰদলৈৰ মাটি সম্পত্তি কাঢ়ি লোৱাৰ চক্ৰান্ত কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
