নিউজ ডেক্সঃভাৰতীয় মূলৰ নীৰা টেণ্ডনক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ ঘৰুৱা নীতি উপদেষ্টা হিচাবে নিযুক্তি। ইয়াৰ পূৰ্বে চুজান ৰাইছ এই পদত অধিষ্ঠিত আছিল। হোৱাইট হাউছৰ কাউন্সিল অন ডমেষ্টিক পলিচিৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী এছিয়ান-আমেৰিকান নীৰা টেণ্ডন। হোয়াইট হাউছৰ তিনিটা শীৰ্ষ নীতি পৰিষদৰ ভিতৰত ই অন্যতম। ইয়াৰ পূৰ্বে নীৰা টেণ্ডনে ৰাষ্ট্ৰপতি বাইডেনৰ জ্যেষ্ঠ উপদেষ্টা আৰু হোৱাইট হাউছৰ কৰ্মচাৰী সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।এই নিযুক্তি সন্দৰ্ভত এক বিবৃতিত ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘নীৰা টাণ্ডনক নিযুক্তি দি মই আনন্দিত হৈছো। তেওঁ বৰ্ণ সমতা, অৰ্থনৈতিক গতিশীলতাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা, অনুপ্ৰৱেশ, আৰু শিক্ষালৈকে মোৰ ঘৰুৱা নীতি প্ৰণয়ন আৰু আগুৱাই নিয়াৰ কাম কৰিব। ৰাজহুৱা নীতি প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ ২৫ বছৰীয়া অভিজ্ঞতা আছে।আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু বাৰাক ওবামাৰ প্ৰশাসনতো কাম কৰাৰ অভিজ্ঞতাও আছে নীৰাৰ। তেওঁ বাইডেনৰ নিৰ্বাচনী প্ৰচাৰৰ কাম কৰিছিল। তেওঁক থিংক টেংক বুলি গণ্য কৰা হয়। নীৰাই চেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছ আৰু চেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছ একচন ফাণ্ডৰ সভানেত্ৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।