ৰঙিয়া ৮ মে : সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী সমধা কৰাৰ বাবে আজি সংগঠনটোৱে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । সংগঠনটোৰ সভাপতি ডাঃ ৰমেন কুমাৰ কাকতি আৰু সাধাৰণ সম্পাদক নয়ণ কলিতাৰ নেতৃত্বত ১১ জনীয়া দল এটাই বিটিআৰ প্ৰধান গৰাকীৰ ৰঙিয়াৰ বাসভৱনত আলোচনাত মিলিত হয় । সংগঠনটোৰ সম্পাদক নয়ন কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে কলিতা জনগোষ্ঠীয় লোকৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, নিবনুৱা সংস্থাপনকে ধৰি বিভিন্ন বিষয়ত বিটিআৰ প্ৰধান গৰাকীৰ লগত আলোচনা হয় । আলোচনাত বিটিআৰত ভূমিৰ চিঠা নামজাৰী বাতিল সংক্ৰান্তত বিষদভাৱে আলোচনা কৰা হয়৷ চিঠা নামজাৰী বাতিল কৰাৰ পিছত অহা ২ অক্টোবৰৰ পৰা ডিজিটেল মাধ্যমেৰে ভূমিৰ নামজাৰী ব্যৱস্থা কৰা হ’ব বুলি বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে অবগত কৰে । কলিতা জনগোষ্ঠীৰ লগতে যুগ যুগ ধৰি বসবাস কৰি অহা কোনো খিলঞ্জীয়া ভূমিপুত্ৰ ভুমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সমস্যা নপৰে বুলি আশ্বাস দিয়ে প্ৰধান গৰাকীয়ে ৷ আজিৰ আলোচনাতে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ বাবে বি.টি.আৰ.ৰ মধ্যস্থ ঠাইত সন্মিলনৰ কাৰ্যালয় আৰু কলিতা জনগোষ্ঠীয় সাংস্কৃতিক প্ৰকল্প স্থাপনৰ বাবে এক কৌটি টকা ঘোষণা কৰে বিটিআৰ প্ৰধান প্ৰমোদ প্ৰমোদ বড়োৱে ।