গুৱাহাটী,৮ মে’ : চৰ্চাত বৰ্ত্তমান বলিউডৰ ছবি ‘দ্যা কেৰালা ষ্টৰী’। ছবি খনৰ ট্ৰেইলৰ মুকলি হোৱাৰ পাছতেই যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছিল। এই ছবিখনেই চাবলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে এক সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় যে ১১ মে’ত তেওঁ দ্যা কেৰালা ষ্টৰী চাবলৈ যাব। তেওঁ কয় যে ১১ মে’ত তেওঁ পৰিয়াল আৰু কেবিনেটৰ একাংশ সদস্যৰ লগত ছবি খন চাবলৈ যাব। তাৰ পূৰ্বে ইয়াৰ ওপৰত কোনো ধৰণৰ মন্তব্য নিদিয়ে। উল্লেখ্য যে ১১ মে’ত চাকৰিৰ নিযুক্তিপত্ৰ দিয়াৰ কথা আছিল। কিন্তু এই নিযুক্তি পত্ৰ ২৬ মে’তহে দিয়া হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে ছবি খনত ধৰ্ম পৰিৱৰ্তন, লাভ জিহাদ, আই এছ আই এছ আদিৰ ওপৰত দেখুওৱা হৈছে। হিন্দু আৰু খ্ৰীষ্টান যুৱতীক কেনেদৰে ধৰ্ম পৰিৱৰ্তন কৰাই সন্ত্ৰাসবাদীত যোগদান কৰাই এই সন্দৰ্ভত ছবিখনত উপস্থাপন কৰা হৈছে। প্ৰথম অৱস্থাত ছবিখনত কেৰালাৰ ৩২ হাজাৰ যুৱতীৰ বিষয়ে উল্লেখ কৰা হৈছিল যদিও প্ৰতিবাদৰ পাছত ইয়াৰ সংখ্যা ৩ গৰাকী কৰে।