নিউজ ডেক্সঃসুদীপ্ত সেন পৰিচালিত ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ মুক্তিৰ পূৰ্বে বিতৰ্কিত হৈ পৰে যদিও ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা আৰম্ভ হয় অধিক বিতৰ্কৰ। এই চিনেমাখনত জোৰকৈ ধৰ্মান্তৰকৰণ কৰা আৰু লাভ জেহাদ বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে। ‘দ্য কেৰালা ষ্ট’ৰী’ৰ ট্ৰেইলাৰত দাবী কৰা হৈছে যে কেৰালাৰ ৩২ হাজাৰ মহিলা সন্ধানহীন হৈ আছে। যি পিছত আই এছ আই এছ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰে। ছবিখনৰ ট্ৰেইলাৰৰ সেই দাবীক কেন্দ্ৰ কৰিয়েই বিতৰ্কৰ আৰম্ভ হয়। ইয়াৰ পিছত আদালতো পায়গৈ এই বিতৰ্কই। এই ছবিখনৰ জৰিয়তে ঘৃণনীয় মানসিকতা বিয়পোৱাৰ প্ৰয়াস চলোৱা হৈছে বুলিও অধিবক্তাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাত পিছত ট্ৰেইলাৰৰ কিছু অংশ সলনি কৰা হয়। য’ত ৩২ হাজাৰ মহিলাৰ পৰিৱৰ্তে সেই সংখ্যা তিনিজনলৈ হ্ৰাস কৰা হয় । সকলো বিতৰ্কৰ পিছতো যোৱা সপ্তাহত ছবিগৃহত মুক্তি পালে ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনে। কিন্তু তাৰ পাছতো সমালোচনাৰ ধুমুহা বন্ধ হোৱা নাই। মধ্যপ্ৰদেশত ছবিখন মুক্তি পোৱাৰ সময়তে তামিলনাডুৰ সকলো ছবিগৃহৰ পৰা আঁতৰাই দিয়াৰ লগতে পশ্চিম বংগতো সুদীপ্ত সেন পৰিচালিত ছবিখন নিষিদ্ধ কৰা হয়।
৫ মে’ত মুক্তি পোৱা এই ছবিখনৰ বিষয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলিকৈ কৈছে। শেহতীয়াকৈ কৰ্ণাটকত প্ৰচাৰ চলাওঁতে প্ৰধানমন্ত্ৰীয়ে ‘The Kerala Story’ৰ প্ৰশংসা কৰে। অৱশ্যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ছবিখনৰ প্ৰদৰ্শন পশ্চিম বংগত নিষিদ্ধ কৰি তেওঁ কয়, শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ এই ৰাজ্যত ‘The Kerala Story’ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।