তামুলপুৰ, ২৪ মে’:সদৌ অসম অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বান মৰ্মে আজি তামুলপুৰ জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাই কৰ্মবিৰতি পালন কৰাৰ লগতে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ কেইবাটাও দাবীৰ সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অংগনৱাড়ী কৰ্মী সহায়িকা সকলক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান, মাননিৰ সলনি মজুৰি প্ৰদান, অৱসৰকালীন কৰ্মী-সহায়িকা সকলক এককালীন সাহাৰ্য প্ৰদান, অংগনৱাড়ী গৃহ সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰা আৰু অংগনৱাড়ী কৰ্মী সহায়িকাক পূৰ্ণাঙ্গ কৰ্মীৰ মৰ্যদা প্ৰদানকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত তেওঁলোকে আজি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে আমাৰ দাবী মানি লওঁঁক, আমাৰ দাবী নায্য দাবী, নায্য দাবী মানি লওঁঁক, এই সংগ্ৰাম চলিছে চলিবই, আই চি ডি এছৰ মূল শিপা কৰ্মী আৰু সহায়িকা, মাননিৰ সলনি মজুৰি দিয়ক, মূল শিপাত পানী দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। তামুলপুৰ জিলা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ সভানেত্ৰী মেৰী বসুমতাৰীয়ে জানিবলৈ দিয়া মতে অংগনৱাড়ী কৰ্মী সহায়িকা সকলৰ এই প্ৰতিবাদী কাৰ্যসূচী অহা ২৬ মেলৈ চাৰিদিন ধৰি চলিব। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত তামুলপুৰ জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ অন্তৰ্গত পাঁচ শতাধিক অংগনৱাড়ী কৰ্মী সহায়িকাই অংশগ্ৰহণ কৰে।










