জুৰীয়া, ৩০মেঃবাল্যবিবাহ সম্পন্ন কৰাত ৰূপহীহাটৰ ২নং ভাটিয়া খালিৰ আবেদ আলীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।ৰাজ্যত পুনৰ বাল্যবিবাহৰ ঘটনা
Attention আৰক্ষী সঞ্চালক প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।যিটো সময়ত বাল্যবিবাহৰ ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে ঠিক তেনে সময়তে নাবালিকা পিতৃৰ অজ্ঞাতে বাল্যবিবাহ সম্পন্ন কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং ভাটিয়া খালিৰ আবেদ আলীৰ পুত্ৰ অহিদুল ইছলামে প্ৰায় এবছৰ পূৰ্বে চিনাকি হৈছিল জুৰীয়াৰ উদমাৰী গাঁৱৰ নাবালিকাৰ সৈতে
ৰং নম্বৰৰে চিনাকি হৈ দুয়োৰে মাজত আৰম্ভ হয় প্ৰেম
তাৰ পিছতেই পিতা পুত্ৰই বিশেষঃ কৌশল অৱলম্বন কৰি নাবালিকা গৰাকীক লৈ যায় ২নং ভাটিয়া খালিৰ নিজা বাসভৱনলৈ।তাতেই বাল্যবিবাহ সম্পন্ন কৰাৰ অভিযোগ নাবালিকাৰ পৰিয়ালৰ।ঘটনা সন্দৰ্ভত নাবালিকাৰ পৰিয়ালে আৰক্ষীক অৱগত কৰে।
সম্প্ৰতি আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।