মুছলপুৰ, ৩১মেঃসদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি মুছলপুৰতো আছুৱে আৰম্ভ কৰিছে অনশন কাৰ্যসূচী । অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি বাস্কা, সূৱণখাটা আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাই যৌথভাৱে পুৱা ৬ বজাৰ পৰা এই অনশন কাৰ্যসূচী আৰম্ভ কৰিছে । চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীৰে মুছলপুৰত আজি আছুৱে ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে । পুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈ এই অনশন কাৰ্যসূচী চলি থাকিব ৷ অনশনস্থলীৰ পৰা আছু কৰ্মীসকলে চৰকাৰক মাতৃভাষা বিৰোধী কাৰ্যৰ কলাপৰ পৰা আতৰত থাকিবলৈ দাবী জনায় ।অন্যথা এক গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি আছু নেতাই জানিব দিয়ে ৷










