মৰিগাঁও, ১জুনঃমৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত নিচানতলত আজি সামাজিক সমস্যা আৰু অবৈধ কাৰ্যকলাপ বিৰুদ্ধে এক সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। মিকিৰভেটা আৰক্ষী থানা গাঁওৰক্ষী বাহিনী আৰু নাগৰিক সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা সজাগতা সভাখনত সভাপতিত্বত কৰে সমাজ কৰ্মী আবুল খাইৰে। সভাখনত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰানা ভূঞা য়ে বৰ্তমান সমাজত চলি থকা অ-সমাজিক কাৰ্যকলাপ মদ,জুৱা, ড্ৰাগছ, চাইবাৰ ক্ৰাইম আদিৰ ওপৰত ভাষণ দিয়াৰ লগতে ৰাইজক আৰক্ষীৰ লগত সহযোগ কৰি সমাজৰ পৰা এইবোৰ নাইকিয়া কৰিবলৈ ৰাইজক আহ্বান জনায়। সভাখনত মৰিগাঁও জিলাৰ গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা বিষ্ণু জ্যোতি ভাগৱতী আৰু নাগৰিক সমিতিৰ সভাপতি প্ৰমোদ শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ৰাইজে জেহাদ ঘোষণা কৰি সমাজৰ পৰা একেবাৰে নাইকিয়া কৰিব লাগে। সভাখনত প্ৰাক্তন শিক্ষক আবুল হাচিম উপস্থিত থাকি ড্ৰাগছত আসক্ত হৈ মৃত্যু হোৱা ব্যক্তিক ৰাজহুৱা কবৰস্থানত ঠাই নিদিবলৈ ৰাইজক আহ্বান জনায়।উক্ত সজাগতা সভাখনত বড়ি বজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাহাৰুল ইছলাম, নাগৰিক সমিতিৰ সম্পাদক জোনটি শৰ্মা, চাবুকধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰুণ বৰদলৈ আৰু কঁপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবুল হাছান আল আমানকে আদি কৰি প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত আছিল।










