গুৱাহাটী,২ জুনঃ ৰাজ্যবাসীক নিয়মীয়াভাৱে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম নহ’লেও কিন্তু মাচুল বৃদ্ধিৰ ক্ষেত্রত আগত আছে শক্তি বিভাগ। এফালে উৎকট গৰম আৰু আনফালে অনিয়মীয়া বিদ্যুৎ যোগান। এনে এক পৰিস্থিতিৰ মাজতে পুনৰ উপভোক্তাক মাধমাৰ শোধাইছে এ পি ডি চি এল। বিদ্যুৎ সেৱাৰ মান উন্নত কৰাৰ বিপৰীতে প্রি-পেইড মিটাৰেৰে গ্ৰাহকক হাৰাশাস্তি কৰা এ পি ডি চি এলে এইবাৰ পুনৰ মাচুল বৃদ্ধিৰে ৰাইজৰ ওপৰত জাপি দিলে বোজা। ইন্ধন আৰু শক্তি ক্ৰয়ৰ নামত এ পি ডি চি এলে প্রতি ইউনিটত এইবাৰ বৃদ্ধি কৰিলে ৩০ পইচাৰ পৰা ৭০ পইচালৈ। এই অনুসৰি নিম্ন প্রাবল্যৰ জীৱনধাৰাৰ অধীনস্থ আৰু নিম্ন প্রাবল্যৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৩০ পইচাকৈ আৰু বাকী অন্য গ্রাহকে প্রতি ইউনিটত ৭০ পইচাকৈ বর্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ২৭ মে’ত এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে। জাননীখনত উল্লেখ কৰা মতে গ্ৰাহক ৰাইজে জুনত লাভ কৰা মে’ মাহৰ বিলত আদায় দিব লাগিব এই বর্ধিত মাচুল। জাননী অনুসৰি দৈনিক ০.৫ ৰ পৰা ১.৫ কিলোৱাট বিদ্যুৎ ব্যৱহাৰ কৰা জীৱনধাৰাৰ অধীনস্থ গ্রাহকে প্রতি ইউনিটত ৩০ পইচাকৈ, প্রতিমাহে ১২০ ইউনিট আৰু ১২১ৰ পৰা ২৪০ ইউনিট প্রতিমাহে ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত আদায় দিব লাগিব ৩০ পইচাকৈ। সেইদৰে ৫ কিলোৱাটৰ
পৰা ৩০ কিলোৱাটলৈ ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত ৭০ পইচাকৈ আৰু চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়েও প্রতি ইউনিটত ৭০ পইচাকৈ বিদ্যুৎ মাচুল আদায় দিব লাগিব। তদুপৰি ৩০ কিলোৱাট শক্তি ব্যৱহাৰ কৰা কৃষি, ক্ষুদ্র উদ্যোগ, বৈদ্যুতিক বাহন চার্জ দিয়া ষ্টেচন আদিয়ে প্রতি ইউনিটত আদায় দিব লাগিব ৭০ পইচাকৈ বিদ্যুৎ মাচুল। এ পি ডি চি এলৰ নতুন জাননী অনুসৰি ৩০ পইচাৰ পৰা ৭০ পইচা পৰ্যন্ত বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ ফলত জীৱনধাৰাৰ অধীনস্থ গ্রাহকে প্রতি ইউনিটত বিদ্যুৎ মাচুল আদায় দিব লাগিব ৪.৩৫ টকাকৈ, প্রতিমাহে ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত আদায় দিব লাগিব ৫.২৫ টকাকৈ, ১২১ ৰ পৰা ২৪০ ইউনিট প্রতিমাহে ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত আদায় দিব লাগিব ৭.৩০ টকাকৈ। সেইদৰে ৫ কিলোৱাটৰ পৰা ৩০
কিলোৱাট শক্তি ব্যৱহাৰ কৰা ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৮.১৫ টকাকৈ, ৫ কিলোৱাটৰ পৰা ৩০ কিলোৱাট বিদ্যুৎ ব্যৱহাৰ কৰা বাণিজ্যিক গ্রাহকে প্রতি ইউনিটত আদায় দিব লাগিব ৮.৬০ টকাকৈ। উল্লেখ্য যে এ পি ডি চি এলে বিগত এপ্রিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কিলোৱাটত ফিক্সড
চার্জ হিচাপে দহ টকাকৈ বৃদ্ধি কৰিছিল। কিন্তু ইয়াৰ পিচতো ৰাজ্যবাসীক নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ এ পি ডি চি এলে এমাহতে পুনৰ ৩০ পইচাৰ পৰা ৭০ পইচাপর্যন্ত বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে। যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লক্ষণীয় বিষয় যে বৰ্তমানৰ চৰকাৰখনে দায়িত্বভাৰ লৈয়ে ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্রতিশ্ৰুতি ৰক্ষা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে এ পি ডি চি এল। একমাত্ৰ গুৱাহাটী মহানগৰীত নিয়মীয়া বিদ্যুৎ যোগান ধৰাৰ বাহিৰে ৰাজ্যৰ বাকী চহৰ, নগৰ আৰু গ্ৰামাঞ্চলত সঘনে কর্তন হয় বিদ্যুৎ। যাৰ বাবে উৎকট গৰমত হাহাকাৰ কৰিবলগীয়া হৈছে জনতাই।