জুৰীয়া, ২জুনঃশাক পাচলি উৎপাদনত বিখ্যাত জুৰীয়াৰ খেতিয়ক সকলে দুই টকা তিনি টকা দৰত বিক্ৰী কৰিবলগীয়া হৈছে কেৰেলা,বেঙেনা, বিলাহীকে ধৰি বিভিন্ন শাক পাচলি ।বহু কৃষকে বজাৰত বিক্ৰী কৰিব পৰা নাই বিলাহী।শাক পাচলিৰে নদন বদন খেতিয়ক সকলৰ মাজত হাহাঁকাৰ।ৰাজ্যত শাক পাচলিৰ ঠায়ে ঠায়ে মূল্যবৃদ্ধি আকাশলঙ্ঘী,আনকি ৰাজ্যৰ প্ৰত্যেক খন বজাৰতে আকাশলঙ্ঘী দাম।কিন্তু জুৰীয়াত কৃষকে শাক পাচলি বিক্ৰী কৰিছে পানীৰ দৰত। এফালে মূল্য বৃদ্ধিয়ে জলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক, আনফালে কৃষকে উৎপাদিত শষ্যৰ উচিত মূল্য নাপাই মূৰে কপালে হাত দিবলগীয়া হৈছে । এয়া জুৰীয়াৰ পাইকাৰী বজাৰৰ দৃশ্য। গাঁৱৰ কৃষক সকলে কষ্টৰ ফচল বিক্ৰীব বাবে আনিছে বজাৰত কোনোৱে পানীৰ দৰত বিক্ৰী কৰিছে আৰু কোনোৱে বিক্ৰী কৰিব পৰা নাই উৎপাদিত শাক পাচলি । দুই-তিনি টকা দৰত বিক্ৰী হৈছে বেঙেনা, বিলাহী। গাৰ ঘাম মাটিত পেলাই কষ্টৰে কৰা শাক পাচলিৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱাত এই সকল কৃষকৰ মূৰত সৰগ ভাগি পৰিছে । গাঠিৰ ধন খৰচ কৰি আৰু কপালৰ ঘাম মাটিত পেলায় কৰিছিল পাচলিৰ খেতি। কিন্তু উৎপাদিত শাক পাচলি এতিয়া পানীৰ দৰত বিক্ৰী কৰিছে কৃষকে ।