ধুবুৰী, ৫ জুন,:নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে আজি ধুবুৰীৰ তেতুলতলাস্থ বিজেপিৰ জিলা কাৰ্য্যালয়ত সাংবাদিকৰে সৈতে এক বাৰ্তালাপত তথামুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা। সমগ্ৰ দেশ আৰু ৰাজ্যজুৰি আৰম্ভ হোৱা বিজেপিৰ এমাহজোৰা মহা জনসম্পৰ্ক কাৰ্য্যসূচীৰ অংগ ৰূপে আয়োজিত হোৱা সেই কাৰ্য্যসূচীত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা অহা আমাৰ পৰম শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল! প্ৰতিদিনে যিদৰে আমি আপোনালোকৰ সৈতে থাকোঁ, আমাৰ যিবিলাক ইতিবাচক কাম, ইতিবাচক কামৰ সমালোচনা আপোনালোকে যিদৰে কৰে – এই মাহটো এটা বিশেষ মাহ; আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ।” তেওঁ আৰু কয় যে, “আমাৰ বহু কেইটা অনুষ্ঠান আছে। আপোনালোকে জানে ধুবুৰী চহৰত অহা ২১ তাৰিখে ৰাজ্য চৰকাৰে কেন্দ্রীয় ভাৱে যোগ দিৱস পালন কৰিব। আমাৰ ইয়াত ২১ তাৰিখে যোগ দিৱস হ’ব আৰু ২০ তাৰিখে এখন বিশেষ ৰাজহুৱা সভাৰো আয়োজন কৰা হৈছে; বহু লোকে তাত অংশগ্ৰহণ কৰিব। এতিয়ালৈকে আমি জানিব পৰা মতে আমাৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু মুখ্যমন্ত্ৰী মহোদয়ো ইয়াত অংশগ্ৰহণ কৰাৰ কথা। তাৰোপৰি আমাৰ ইয়াত বিকাশ তীৰ্থ বুলি এটা অভিযান আছে। ধুবুৰী লোকসভাত যিবোৰ উন্নয়নমূলক কাম হৈছে – সেয়া ধুবুৰী-ফুলবাৰী দলঙেই হওক বা ৰূপসী বিমান বন্দৰেই হওক বা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে হওক; আলি-পদূলী, বিকাশৰ যিটো ব্যৱহাৰিক ধাৰা। আমি আমি ইয়াৰ যিসকল নাগৰিকে ৰাষ্ট্ৰ নিৰ্মাণত বা আমাৰ অসমখনৰ সেৱাত, ধুবুৰীৰ সেৱাত উৎসৰ্গিত হৈছে, সমাজখনক ইতিবাচক কথাৰে আগুৱাই লৈ যায় – তেনে ধৰণৰ বহু পৰিয়ালৰ কিছু সংখ্যকৰ ঘৰে ঘৰে গৈ আমি মহা সম্পৰ্ক অভিযান কৰিম, ধন্যবাদ জনাম সেইবোৰতো আপোনালোকৰ সহায়-সহযোগিতা লাগিব। অৰ্থ্যাৎ গণতন্ত্ৰ চতুৰ্থ স্তম্ভ আমাৰ সন্মানীয় সাংবাদিকসকলে যিদৰে চৰকাৰী হওক বা সমাজৰ যিকোনো ব্যক্তি বা ব্যক্তি সমষ্টিৰে এটা ইতিবাচক সমালোচনাৰে গণতন্ত্ৰ চতুৰ্থ স্তম্ভক আগুৱাই লৈ যায়। ল’গতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবে কয়, “আজি ইয়াত আমি একত্ৰিত হৈছোঁ দুটা কাৰণত। প্ৰথম কথা আপোনালোকক ধন্যবাদ আৰু শ্ৰদ্ধা জনাবলৈ। বিগত ৯ বছৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বা আমাৰ ৰাজ্য চৰকাৰখনক আপোনালোকে ইতিবাচক সমালোচনাৰে আৰু যিবিলাক বাৰ্তা জনসাধাৰণে জনাটো উচিত সেইবোৰ আপোনালোকে – ছপা মাধ্যমেই হোক বা ডিজিটাল পোৰ্টাল বা আমাৰ চেটেলাইট চেনেলেই হওক, নিৰপেক্ষ ভাৱে, সুন্দৰ ভাৱে ৰাইজক জনাই আহিছে আৰু এয়া গণতন্ত্ৰৰ
অতি ভাল এটা কাম। গতিকে আমি ধন্যবাদ জনাইছোঁ – প্ৰথম কথা আৰু দ্বিতীয়তে আমি পুনৰ স্মৰণ কৰোঁ, জনসাধাৰণক আপোনালোকৰ জৰিয়তে জনাওঁ, বিগত ৯ বছৰত সমগ্ৰ দেশত, অসমত বা আমাৰ ধুবুৰী লোকসভাত কিদৰে কামবিলাক কৰি আগুৱাই গৈছে।” আজিৰ সেই বাৰ্তালাপ কাৰ্য্যসূচী বিগত ৯ বছৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বসাধাৰণ ৰাইজৰ বাবে হাতত লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ সাবলিল ভাবে ব্যাখ্যা কৰে। আজিৰ এই কাৰ্য্যসূচীত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, বিজেপিৰ জ্যেষ্ঠ নেতা দীপক কুমাৰ সৰকাৰ, জিলাখনৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সন্ন্যাসী প্ৰমুখ্যে বিজেপি আৰু যুৱমৰ্চাৰ স্থানীয় কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল। আজিৰ এই কাৰ্যসূচীত উপস্থিত সংবাদকৰ্মীসকল “সেৱা, সুশাসন আৰু গৰীব কল্যাণ” আৰু “২৪ মাহৰ ৰূপান্তৰৰ যাত্ৰা” নামৰ দুখন পুস্তিকা প্ৰদান কৰা হয়।